নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বেকাজান-বৰহোলাত উজলিল উৎকণ্ঠা আৰু প্ৰিয়াক্ষী

নিয়মীয়া বাৰ্তা, ৭ জুনঃ জীৱনৰ অলেখ প্ৰত্যাহ্বানৰ মাজতো নিৰলস প্ৰচেষ্টা আৰু একাগ্ৰতাৰে হাইস্কুল শীক্ষান্ত পৰীক্ষাত বেকাজানৰ অংশোকা বিদ্যাপীঠৰ পৰা সুখ্যাতিৰে উত্তীৰ্ণ হৈ সমগ্ৰ অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিছে ছাত্ৰী উৎকণ্ঠা দত্তই

বেকাজানৰ প্ৰয়াত দ্বীপজ্যোতি দত্ত আৰু ৰিমজিম দত্তৰ কন্যা এই উৎকণ্ঠাই সৰ্বমুঠ ৯০ শতাংশ নম্বৰেৰে ডিষ্টিংশ্যন পাবলৈ সক্ষম হৈছে।

উৎকণ্ঠাই অসমীয়াত ৯০, ইংৰাজীত ৮০, সাধাৰণ গণিতত ৯৫, সাধাৰণ বিজ্ঞানত ৯৩, সমাজ বিজ্ঞানত ৯৫ আৰু ভূগোলত ৮৭ নম্বৰ লাভ কৰিছে।

উল্লেখ্য যে প্ৰায় তিনিবছৰ পূৰ্বে পিতৃক হেৰুৱাই জীৱনত সন্মুখীন হোৱা অশেষ কষ্টৰ পিছতো মাতৃ ৰিমজিম দত্তই উৎকণ্ঠাৰ শিক্ষাময় জীৱনত কোনোধৰণৰ ব্যাঘাত জন্মিবলৈ দিয়া নাছিল। খুৰাক প্ৰাচুৰ্য দত্ত আৰু এগৰাকী পেহীয়েকেও ছাত্ৰীগৰাকীক বিভিন্ন প্ৰকাৰে সহায় সহযোগিতা আগবঢ়াইছিল। মেধাৱী ছাত্ৰীগৰাকীৰ এই সাফল্যৰ মূলতে অংশোকা বিদ্যাপীঠৰ কৰ্তৃপক্ষৰো বহু কষ্ট আৰু ত্যাগ জড়িত হৈ আছে বুলি পৰিয়ালবৰ্গই আজি ব্যক্ত কৰিছে।

ইফালে অংশোকা বিদ্যাপীঠৰ অধ্যক্ষ সুশীল বৰদলৈৰ সৈতে যোগাযোগ কৰাত জানিবলৈ দিয়ে যে উৎকণ্ঠাৰ সাফল্যই বিদ্যালয়খনক অতিকৈ গৌৰাম্বিত কৰিছে। মেধাবী ছাত্ৰ- ছাত্ৰী সকলৰ অধ্যয়নত কোনো কাৰণতে যাতে সমস্যাৰ সৃষ্টি নহয় এইক্ষেত্ৰত বিদ্যালয়খনৰ কৰ্তৃপক্ষই সদায় গুৰুত্ব আৰোপ কৰি আহিছে। উৎকণ্ঠাই হায়াৰ ছেকেণ্ডেৰীৰ দুটা বছৰো

অংশোকা বিদ্যাপীঠত অধ্যয়ন কৰিব বিচাৰিলে পঢ়াৰ সকলো খৰচ সম্পূৰ্ণ বিনামূলীয়া কৰি দিয়াৰ কথাও ব্যক্ত কৰে অধ্যক্ষগৰাকীয়ে।

আনহাতে সকলো বাধাৰ প্ৰাচীৰ নেওচি সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত বৰহোলাৰ এখন অগ্ৰণী চৰকাৰী শিক্ষানুষ্ঠান বৰহোলা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা সুখ্যাতিৰে উত্তীৰ্ণ হৈ বৃহত্তৰ অঞ্চলটোৰ ভিতৰতে উজলি উঠিছে ছাত্ৰী প্ৰিয়াক্ষী মহন্ত

 বৰহোলা কাউৰীচুকৰ ৰমেন মহন্ত আৰু প্ৰণতি মহন্তৰ কন্যা তথা অতি দৰিদ্ৰ পৰিয়ালৰ ছাত্ৰী প্ৰিয়াক্ষীয়ে সৰ্বমুঠ ৮৯.৩ শতাংশ নম্বৰেৰে ডিষ্টিংশ্যন পাবলৈ সক্ষম হৈছে। ছাত্ৰীগৰাকীয়ে প্ৰতিটো বিষয়ত লাভ কৰা নম্বৰ সমূহ হৈছে অসমীয়াত ৮২, ইংৰাজীত ৮৫, সাধাৰণ গণিতত ৯৭, সাধাৰণ বিজ্ঞানত ৯৩, সমাজ বিজ্ঞানত ৮৫ আৰু ভূগোলত ৯৪। মাত্ৰ কেইবিঘামান ধানখেতি কৰি গোটেই বছৰটোৰ বাবে ভাত মুঠি যোগাৰ কৰা পৰিয়ালটোৱে প্ৰিয়াক্ষীক অশেষ কষ্টৰে বছৰে বছৰে পঢ়াৰ সকলো খৰচ উলিয়াই আহিছে। শিক্ষা-দীক্ষাৰে প্ৰিয়াক্ষী এদিন ভাল মানুহ হৈ সমাজক তথা ৰাইজক সঠিক পথৰ বাট দেখুৱাব সেই সপোনলৈয়ে পিতৃ-মাতৃয়ে এনেদৰে কষ্ট আৰু ত্যাগ কৰি আহিছে বুলি জানিব পৰা গৈছে।

হায়াৰ ছেকেণ্ডেৰী বিজ্ঞান শাখাত অধ্যয়ন কৰিবলৈ প্ৰিয়াক্ষীয়ে বৰ্তমান আগ্ৰহ প্ৰকাশ কৰিছে। কৃষিজীৱী দৰিদ্ৰ পৰিয়ালটোৰ ছাত্ৰী গৰাকীৰ এই সাফল্যত পৰিয়ালটোৰ লগতে বিদ্যালয়খনৰ শিক্ষক-শিক্ষয়িত্ৰী, কৰ্মচাৰী, স্থানীয় ৰাইজ উৎফুল্লিত আৰু গৌৰাম্বিত হৈ পৰিছে। উল্লেখ্য যে এইবছৰ বৰহোলা উচ্চতৰ মাধ্যমিক বিদ্যালয়খনৰ পৰা প্ৰিয়াক্ষী মহন্তই সৰ্বোচ্চ নম্বৰ লাভ কৰি উত্তীৰ্ণ হৈছে।

You might also like