নিয়মীয়া বাৰ্তা ৮ জুনঃ সমগ্র বিশ্বতে ক’ৰোনা ভাইৰাছৰ সংক্রমণ অব্যাহত আছে৷ ক’ৰোনা ভাইৰাছৰ সংক্রমণৰ ফলত হজযাত্রা বাতিল হোৱাৰ সম্ভাৱনা প্রকট হৈ পৰিছে৷ উল্লেখ্য যে হজযাত্রীসকলে নিজৰ যাত্রা বাতিলৰ বাবে আবেদন কৰিলে ১০০ শতাংশ টকা ঘূৰাই পাব৷ এই কথা জনাইছে ৰাষ্ট্রীয় হজ কমিটীৰ মুখ্য কার্যবাহী বিষয়া মাছুদ আহমেদ খানে৷ কেন্দ্রীয় সংখ্যালঘু মন্ত্রালয়ৰ অন্তর্গত ৰাষ্ট্রীয় হজ কমিটীৰ মুখ্য বিষয়াজনে কয়– হজযাত্রাৰ প্রস্তুতিৰ বাবে মাত্র কেইটামান সপ্তাহ বাকী আছে৷ কিন্তু এইপর্যন্ত ছৌদি আৰবৰ দায়িত্বপ্রাপ্ত কর্তৃপক্ষৰ তৰফৰ পৰা কোনো যোগাযোগ কৰা হোৱা নাই৷ আমি চেষ্টা কৰাৰ পাছতো তেওঁলোকৰ লগত যোগাযোগ সম্ভৱ হোৱা নাই৷ সেয়ে ২০২০ চনত হজযাত্রা হোৱা ক্ষীণ৷