কাশ্মীৰত দুসপ্তাহত নিহত ২২টা সন্ত্রাসবাদী
নিয়মীয়া বাৰ্তা ৯ জুনঃ কাশ্মীৰ উপত্যকাত শেহতীয়াকৈ সন্ত্রাসবাদীৰ বিৰুদ্ধে অভিযানত নিৰাপত্তা বাহিনী বিশেষভাৱে সফল হৈছে৷ এই কথা ঘোষণা কৰিছে জম্মু–কাশ্মীৰ আৰক্ষীৰ সঞ্চালকপ্রধান দিলবাগ সিঙে৷ বিগত দুটা সপ্তাহত সেনা, অর্ধ–সেনা আৰু জম্মু–কাশ্মীৰ আৰক্ষীয়ে চলোৱা যৌথ অভিযানত ২২টাকৈ সন্ত্রাসবাদী নিহত হৈছে৷ ইয়াৰে ৬টাই হৈছে সংগঠনৰ নেতৃত্বত থকা সন্ত্রাসবাদী৷ আৰক্ষীপ্রধানগৰাকীয়ে উল্লেখ কৰা অনুসৰি, বিগত দুটা দিনত ছ’পিয়ান জিলাত নিহত হৈছে হিজবুল মুজাহিদীনৰ ৯ সন্ত্রাসবাদী৷ ইয়াৰে ৫টা সন্ত্রাসবাদী নিহত হৈছে দেওবাৰে৷ সোমবাৰে এখন সংবাদ মেল সম্বোধন কৰি আৰক্ষীপ্রধানগৰাকীয়ে কয় যে বিগত দুটা দিনত নিহত হোৱা ৯ হিজবুল মুজাহিদীন সন্ত্রাসবাদীৰ ভিতৰত আছে তিনিজন কমাণ্ডাৰ৷ এই তিনিওটা দুর্ধর্ষ সন্ত্রাসবাদীৰ বিৰুদ্ধে জম্মু–কাশ্মীৰত ৰুজু হৈ আছিল কেইবাটাও গোচৰ৷ ইফালে, এই সময়ছোৱাৰ ভিতৰত সন্ত্রাসবাদীৰ কবলৰ পৰা নিৰাপত্তা বাহিনীয়ে মুক্ত কৰিছে তিনিজনকৈ তৰুণক৷ এই তৰুণসকলক কূটাঘাতী কাণ্ডত জড়িত কৰোৱাৰ বাবে সন্ত্রাসবাদী সংগঠনে তৎপৰতা চলাইছিল৷ ইফালে, ২৮ মে’ত এক ভয়াৱহ আত্মঘাতী বিস্ফোৰণৰ পৰিকল্পনা জম্মু–কাশ্মীৰত নিৰাপত্তা বাহিনীয়ে ব্যর্থ কৰা বুলিও আৰক্ষীপ্রধানগৰাকীয়ে সংবাদ মাধ্যমক জনাইছে৷দিলবাগ সিঙৰ মতে, দুসপ্তাহত জম্মু–কাশ্মীৰত নিৰাপত্তা বাহিনীৰ সফলতা নজিৰবিহীন৷