ডিফু চিকিৎসা মহাবিদ্যালয়ক ক’ভিড-১৯ পৰীক্ষাৰ স্বীকৃতি
নিয়মীয়া বাৰ্তা, ৯ জুনঃ ডিফু চিকিৎসা মহাবিদ্যালয় হাস্পতালক পৰীক্ষাগাৰক স্বীকৃতি দিছে আইচিএমআৰে (ICMR)। এতিয়াৰে পৰা পাৰ্বত্য জিলা ২ খনৰ ক’ৰোনা আক্ৰান্তৰ স্বাব পৰীক্ষা সম্পন্ন হ’ব ডিফু চিকিৎসা মহাবিদ্যালয়তে । এই কথা প্ৰকাশ কৰিছে স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ।
ইফালে এতিয়াৰে পৰা ৰাজ্যৰ ৭ খন চিকিৎসা মহাবিদ্যালয় হাস্পতালতে স্বাব পৰীক্ষা সম্পন্ন হ’ব ।
Pleased to share that Diphu Medical College has been accredited by @ICMRDELHI as testing lab for #COVID19. With this all of Assam’s 7 Medical Colleges have the capabilities & regulatory approvals for testing. This significantly strengthens our testing capacities. #AssamCares
— Himanta Biswa Sarma (@himantabiswa) June 9, 2020