নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বহিঃৰাজ্য ফেৰৎ চিৰাঙৰ ২জনৰ ক’ভিড-১৯ পজিটিভ

নিয়মীয়া বাৰ্তা, ৯ জুনঃ বহিঃৰাজ্যৰ পৰা নিজ গৃহলৈ ঘূৰি অহা চিৰাঙৰ দুজন ব্যক্তিক ক’ভিড-১৯’ আক্ৰান্ত বুলি জানিব পৰা গৈছে । যোৱা ২৮ মে’ত ৰে’লযোগে আহি অসমত প্ৰৱেশ কৰা যাত্ৰী সকলৰ মাজৰে চিৰাং জিলাৰ লোক দুজনে সদৰ মহকুমা অন্তৰ্গত কাশীকোত্ৰাস্থিত মডেল হস্পিতালত আৰু জেএছবি অসামৰিক চিকিৎসালয়ত ক’ভিড-১৯’ ভাইৰাছৰ অৱস্থিতি পৰীক্ষা কৰিবলৈ  নিজৰ ছোৱাব জমা দি কোৱাৰেন্টাইন চেন্টাৰত আশ্ৰয় গ্ৰহণ কৰে। কালি নিশা ১১:৩৫ বজাত ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই টুইটাৰত ৰাজ্যত নতুনকৈ ক’ভিড-১৯’ত আক্ৰান্ত সকলৰ সংখ্যা জিলা ভিত্তিত প্ৰকাশ কৰাৰ পাছত চিৰাং জিলাৰ দুজন ব্যক্তিও আক্ৰান্ত হোৱাৰ তথ্য প্ৰকাশ পায়। চিৰাং জিলাৰ ৰৌমাৰী (খাগ্ৰাবাৰি) অঞ্চলৰ কে বসুমতাৰী(sample ID- BSM-133) আৰু ২নং বেংতলৰ জে মণ্ডল(sample ID-JSB-027) ক’ভিড আক্ৰান্ত বুলি আজি চিৰাং জিলা স্বাস্থ্য বিভাগৰ সূত্ৰ আৰু জিলা তথ্য আৰু জনসংযোগ বিভাগে সংবাদ মাধ্যমক জানিবলৈ দিয়ে ।বসুমতাৰীয়ে গুজৰাট আৰু মণ্ডলে পুনেৰ পৰা আহিছিল বুলি একেটা সূত্ৰই জানিবলৈ দিয়ে।আক্ৰান্ত দুয়োজন ব্যক্তিৰ কাজলগাঁওস্থিত জে এছ বি অসামৰিক চিকিৎসালয়ত চিকিৎসা প্ৰদানৰ ব্যৱস্থা গ্ৰহন কৰা হৈছে । চিৰাং জিলাত আজিলৈকে মুঠ ৮ জন ব্যক্তিক ক’ভিড-১৯’ পজিটিভ হিচাপে চিনাক্ত কৰা হৈছে। বহিঃৰাজ্যৰ পৰা গৃহ অভিমুখে প্ৰত্যাৱৰ্তন কৰা জিলা খনৰ  লোক সকলৰ মাজত এই সংখ্যা বৃদ্ধি হোৱাৰ আশংকা কৰা হৈছে । জিলাখনত সামাজিক সংক্ৰমন নহ’বলৈ প্ৰশাসনে সকলো সময়তে চোকা দৃষ্টি ৰখাৰ লগতে সকলো ধৰণৰ সাৱধানতা অৱলম্বন কৰি ব্যৱস্থা হাতত লৈছে ।।

You might also like