নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চিৰাঙত এছ এছ বি জোৱান ‘কোভিড-১৯’পজিটিভ, দুখন গাঁও কন্টেইনমেন্ট জ’ন ঘোষণা

নিয়মীয়া বাৰ্তা, ৯ জুন: চিৰাঙত কৰ্মৰত এজন এছ এছ বি জোৱানৰ দেহত কোভিড-১৯ ভাইৰাছৰ উপস্থিতি ধৰা পৰিছে। জিলা খনত প্ৰথমবাৰৰ বাবে এজন অৰ্ধসামৰিক বাহিনীৰ জোৱানক কোভিড -১৯ ভাইৰাছত আক্ৰান্ত হৈছে । কাজলগাঁও কাজলগাঁওস্থিত ১৫ নং বাহিনীৰ জোৱানক মণিপুৰ মংলিয়ানফাই,চুৰাচানপুৰৰ চুৱানখোজাম মাৰ বুলি জানিব পৰা গৈছে ।

২৮ মে’ত জোৱান জনৰ ছোৱাব সংগ্ৰহ কৰাৰ পাছত কালি টেষ্ট কৰাত তেওঁক ‘ক’ভিড-১৯’ ভাইৰাছৰ দ্বাৰা আক্ৰান্ত বুলি নিশ্চিত হয়। আজি বিয়লিৰ ভাগত এছ এছ বি জোৱান জনৰ লগতে জিলা খনৰ অন্তৰ্গত মালিপাৰা গাঁৱৰ পৌজৌনদাও বসুমতাৰী নামৰ অন্য এজন ব্যক্তি ‘কোভিড-১৯’ ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হোৱা বুলি জিলা স্বাস্থ্য বিভাগৰ সূত্ৰই প্ৰকাশ কৰিছে ।

ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰীৰ টুইটৰ পাছতে চিৰাং জিলা তথ্য আৰু জনসংযোগ বিভাগ আৰু স্বাস্থ্য বিভাগে সংবাদ মাধ্যমক বহিঃৰাজ্যৰ পৰা অহা এই ব্যক্তি সকলৰ তথ্য বিতং ভাৱে জানিবলৈ দিয়ে । এছ এছ বি জোৱান জনক চিকিৎসাৰ বাবে বৰপেটাস্থিত এফ এ এ মেডিকেল কলেজলৈ প্ৰেৰণ কৰাৰ বিপৰীতে মালিপাৰাৰ যুৱক জনক জিলা খনৰ চিকিৎসালয়ত চিকিৎসাধিন কৰে। চিৰাং জিলা প্ৰশাসনে আজি ২ নং বেংতল আৰু ১ নং পলাশগুৰি গাঁৱক ছীল কৰি কন্টেনমেন্টজ’ন হিচাপে ঘোষণা কৰিছে বুলি জিলা তথ্য আৰু জনসংযোগ বিভাগে সংবাদ মাধ্যমক জনাইছে ।

কালি নিশাৰ পাছত ‘কোভিড-১৯ পজিটিভ ‘ হিচাপে চিনাক্ত হোৱা যুৱক কেইজন ক্ৰমে পুনেৰ,গুজৰাট আৰু দিল্লীৰ পৰা ৰে’ল গাড়ীৰে নিজ গৃহলৈ অহাৰ পাছত ‘কোভিড-১৯’ত আক্ৰান্ত বুলি নিশ্চিত হয়। আনহাতে এছ এছ বি জোৱানৰ ভ্ৰমণ তথ্য সূত্ৰটোৱে প্ৰকাশ কৰা নাই ।।

You might also like