নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জিএমচিএইচৰ নতুন অধ্যক্ষ ডাঃ অচ্যুত বৈশ্য

ক’ৰোনা চিকিৎসাত গাফিলতি

নিয়মীয়া বাৰ্তা ১০ জুনঃ ক’ৰোনা আক্রান্তৰ সংখ্যা ভয়াৱহ ৰূপত বৃদ্ধি পোৱাৰ সময়তে আজি ৰাজ্যৰ স্বাস্থ্য বিভাগে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ (জি এম চি এইচ) অধ্যক্ষ ডাঃ ৰত্ন তালুকদাৰক অব্যাহতি দি তেওঁৰ ঠাইত ডাঃ অচ্যুত বৈশ্যক নিযুক্তি দিছে৷ স্বাস্থ্য বিভাগে জৰুৰীভাৱে আজি এন এইচ এমৰ সঞ্চালক অচ্যুত বৈশ্যক এই দায়িত্ব ল’বলৈ নির্দেশ জাৰি কৰে৷ আনহাতে, জি এম চি এইচৰ অধীক্ষক ডাঃ ৰমেন তালুকদাৰক লখিমপুৰলৈ বদলি কৰি তেওঁৰ স্থানত মহেন্দ্র মোহন চৌধুৰী হাস্পতালৰ অধীক্ষক ডাঃ অভিজিৎ শর্মাক এই দায়িত্ব প্রদান কৰা হৈছে৷ উল্লেখ্য যে ক’ভিড–১৯ৰ চিকিৎসাৰ ক্ষেত্রত গুৰুত্বপূর্ণ ভূমিকা গ্রহণ কৰি অহা জি এম চি এইচত শেহতীয়াকৈ ভয়াৱহ ৰোগবিধৰ চিকিৎসাৰ ক্ষেত্রত যথেষ্ট গাফিলতি প্রত্যক্ষ হৈছিল৷ যাৰ বাবে গুৱাহাটী মহানগৰীত সংক্রমণ বৃদ্ধি পাইছিল৷ এনে পৰিস্থিতিৰ মাজতে স্বাস্থ্য বিভাগে আজি তৎকালে বলৱৎ হোৱাকৈ চিকিৎসালয়খনৰ অধ্যক্ষ আৰু অধীক্ষকক সালসলনি কৰা বিষয়টোৱে বিশেষ তাৎপর্য বহন কৰিছে৷ আনকি আজি নির্দেশ অনুসৰি জি এম চি এইচৰ মেডিচিন বিভাগৰ মুৰব্বী চিকিৎসক ডাঃ ধীৰাজ দাসক নিলম্বন কৰা হৈছে৷ এই সন্দর্ভত স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই কয় যে জি এম চি এইচৰ চিকিৎসাৰ দিশটো ভাল কৰাৰ লক্ষ্যৰে এই সালসলনি কৰা হৈছে৷ স্বাস্থ্য বিভাগৰ প্রধান সচিবে আজি সমগ্র দিনটো জি এম চি এইচত ক’ভিড চিকিৎসাৰ দিশসমূহ পর্যালোচনা কৰাৰ অন্তত কিছু গাফিলতি ধৰা পেলাইছিল৷ বিশেষকৈ যোৱা সময়ছোৱাত কিছু এৰা–ধৰাৰ বাবে মহানগৰীত ১২–১৩জন লোকৰ মাজত ক’ৰোনা সংক্রমণ হৈছিল৷ এই বিষয়বোৰ আগত ৰাখিয়েই আজি প্রধান সচিবে সালসলনিৰ সিদ্ধান্ত গ্রহণ কৰে৷ ইফালে, এন এইচ এমৰ অতিৰিক্ত কার্যবাহী সঞ্চালক ৰূপে আজি ডাঃ মনোজ চৌধুৰীক দায়িত্ব দিয়া হৈছে৷

You might also like