কন্যাৰ আতিশয্যৰ পৰা মাতৃক ৰক্ষা বোম্বাই হাইক’টৰ
নিয়মীয়া বাৰ্তা, ১০জুনঃ মহাৰাষ্ট্রত নিজ কন্যাই গৃহবন্দী কৰি ৰখা এগৰাকী ৭০ বছৰীয়া স্বামীহাৰা মহিলাক উদ্ধাৰ কৰিবলৈ আগবাঢ়ি আহিছে বোম্বাই উচ্চ ন্যায়ালয়৷ উল্লেখনীয় যে কেবামাহো ধৰি কান্ধৰ হাৰ ভগা আৰু স্নায়ু বিকল হৈ থকা মহিলাগৰাকীক কন্যাই ঘৰতে বন্দী কৰি ৰকা বুলি অভিযোগ অনা হৈছে৷ সঘনে মাতৃক মানসিক আৰু শাৰীৰিক নির্যাতন চলোৱা কন্যাক সতর্কবাণী কৰি ন্যায়ালয়ৰ ন্যায়াধীশ এছ জে কাথাৱালা আৰু ন্যায়াধীশ সুৰেন্দ্র টাবাডেৰ বিচাৰপীঠে কৈছে যে সন্তানে পিতৃ–মাতৃৰ যত্ন ল’ব নোৱাৰিলে তেওঁলোকৰ শান্তি ভংগ কৰাৰ অধিকাৰো নাই৷ গতিকে অভিযুক্ত কন্যাক তাৎক্ষণিকভাৱে ৰুগ্ণ তথা গৃহবন্দী মাতৃৰ প্রয়োজনীয় চিকিৎসাৰ ব্যৱস্থা কৰিবলৈ নির্দেশ দিছে উচ্চ ন্যায়ালয়ে৷ ইয়াৰ উপৰি বৃদ্ধা মহিলাগৰাকীক আত্মীয়ৰ সৈতে সম্পর্ক স্থাপনৰ ক্ষেত্রত কোনোধৰণৰ বাধা প্রদান কৰিব নোৱাৰিব বুলিও নির্দেশনা জাৰি কৰিছে বিচাৰপীঠখনে৷ লক্ষণীয়ভাৱে মুম্বাইৰ লোখান্দাৱালা কমপ্লেক্সৰ এটা ফ্লেটত এনেদৰে নির্যাতনৰ সন্মুখীন হৈ থকা মহিলাগৰাকীক উদ্ধাৰৰ বাবে আদালতৰ দ্বাৰস্থ হৈছিল এগৰাকী প্রতিৱেশী৷