কেন্দ্রীয় চৰকাৰৰ কার্যালয়ৰ বাবে ১৩ দফীয়া নতুন নির্দেশনা জাৰি
নিয়মীয়া বাৰ্তা ১০ জুনঃ কেন্দ্রীয় চৰকাৰৰ কর্মচাৰী আৰু বিষয়াৰ বাবে কেন্দ্রই ক’ৰোনা ভাইৰাছৰ সংক্রমণ প্রতিৰোধৰ লক্ষ্যৰে নতুনকৈ ১৩ দফীয়া নির্দেশনা জাৰি কৰিছে৷ শেহতীয়াকৈ কেন্দ্রীয় চৰকাৰৰ বিভিন্ন বিভাগৰ কার্যালয়ত ক’ভিড–১৯ পজিটিভ ৰোগী ধৰা পৰাৰ পিছতে এই পদক্ষেপ লোৱা হৈছে৷ উক্ত নির্দেশনা অনুসৰি ক’ৰোনা ভাইৰাছৰ লক্ষণ নথকা বিষয়া–কর্মচাৰীকহে কার্যালয়ত প্রৱেশৰ অনুমতি দিয়া হ’ব৷ জ্বৰ–কাহত ভোগা বিষয়া–কর্মচাৰীক ঘৰতে থকাৰ পৰামর্শ দিয়া হৈছে৷ কণ্টেইনমেণ্ট জ’নত বাস কৰাসকলকো কার্যালয়লৈ নহাৰ বাবে নির্দেশ দিয়া হৈছে৷ কার্যালয়ত কেৱল ২০জন বিষয়া–কর্মচাৰীহে উপস্থিত থাকিব পাৰিব আৰু সেইমতে কার্যালয়ত উপস্থিত থকাৰ দিন ভাগ কৰি দিব লাগিব৷ আনসকলে ঘৰৰ পৰাই কার্যালয়ৰ দায়িত্ব পালন কৰিব লাগিব৷ অবৰ সচিব আৰু উপ–সচিবৰ কেবিন এটা হ’লে তেওঁলোকে এদিন এৰি এদিন কার্যালয়লৈ আহিব৷ এটা শাখাত দুজনহে বিষয়া উপস্থিত থাকিব৷ প্রয়োজন সাপেক্ষে বতাহ চলাচলৰ বাবে খিৰিকি খোলা ৰাখিব৷ মাস্ক নিপিন্ধা বিষয়া–কর্মচাৰীৰ বিৰুদ্ধে অনুশাসনমূলক ব্যৱস্থা গ্রহণ কৰা হ’ব৷ ব্যৱহূত মাস্ক আৰু গ্ল’ভছ হালধীয়া ৰঙৰ বায়’ মেডিকেল ৱেষ্ট বিনত পেলাই দিব লাগিব৷ ভিডিঅ কনফাৰেন্সসমূহত নিজৰ নিজৰ কোঠালিৰ পৰা অংশ ল’ব লাগিব৷ আনহাতে যিমান দূৰ সম্ভৱ মুখামুখি বৈঠক, আলোচনা এৰাই চলাটো জৰুৰী৷ সম্ভৱ হ’লে ইণ্টাৰকমত বিভিন্ন বিষয় আলোচনা কৰিবলৈ নির্দেশনাৱলীত পৰামর্শ দিছে৷ তদুপৰি প্রতি আধা ঘণ্টাৰ মূৰত হাত ধুবলৈ আৰু নির্দিষ্ট অঞ্চলত ছেনিটাইজিং ডিছপেনছাৰ স্থাপন কৰাৰো পৰামর্শ দিয়া হৈছে৷ তদুপৰি সঘন হাতেৰে স্পর্শ কৰা স্থান যেন ইলেক্ট্রিক ছুইছ, ড’ৰ ন’ব, লিফটৰ ছুইছ, ৰেলিং আদি প্রতি এঘণ্টাৰ মূৰত ১ শতাংশ ছ’ডিয়াম হাইপ’ক্ল’ৰাইটেৰে পৰিষ্কাৰ কৰিব লাগিব৷ কী ব’ড, মাউছ, ফোন, এ চি ৰিম’ট আদিও ইথানল মিহলি ডিছইনফেক্টৰেৰে পৰিষ্কাৰ কৰিব লাগিব৷ বহা বা খোজকঢ়াৰ সময়ত কমেও ১ মিটাৰৰ দূৰত্ব ৰক্ষা কৰাৰ পৰামর্শ দিয়া হৈছে এই নির্দেশাৱলীত৷