বাঘজানৰ অগ্নিকাণ্ডৰ ঘটনাৰ তদন্তৰ নিৰ্দেশ মুখ্যমন্ত্ৰী সোণোৱালৰ
নিয়মীয়া বাৰ্তা, ১১জুনঃ বাঘজানৰ লেলিহান শিখাই বিগত কেইবাদিনে ধৰি আতংকৰ সৃষ্টি কৰিছে। অগ্নিকাণ্ডৰ বাবে বহু জৈৱ বৈচিত্য ধ্বংস হোৱাৰ উপক্ৰম হৈছে। এই সন্দৰ্ভত মুখ্যমন্ত্ৰী সোণোৱালে কেন্দ্ৰীয় পেট্ৰ’লিয়াম মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানকে ধৰি প্ৰধানমন্ত্ৰী মোদীক অৱগত কৰিছে।
আজি মুখ্যমন্ত্ৰী সোণোৱালে সংবাদমাধ্যমৰ আগত কয় যে বাঘজানবাসী কোনো কাৰণতেই প্ৰাপ্যৰ পৰা বঞ্চিত নহয়। এই সন্দৰ্ভত কেন্দ্ৰৰ লগত আলোচনা কৰা হৈছে। বাঘজানবাসীৰ ক্ষয় ক্ষতিৰ উচিত প্ৰাপ্য দিয়া হ’ব। আনহাতে অগ্নিকাণ্ডৰ ঘটনাৰ তদন্তৰ নিৰ্দেশ দিয়ে মুখ্যমন্ত্ৰী সোণোৱালৰ। কাৰ গাফিলতিৰ বাবে এই ঘটনা সংঘটিত হ’ল তাৰো তদন্তৰ নিৰ্দেশ দিছে মুখ্যমন্ত্ৰীয়ে।