পাকিস্তানৰ মানচিত্ৰ ভুলকৈ দেখুৱাই চাকৰি গ’ল পাক TV চেনেলৰ ২ জনৰ
নিয়মীয়া বাৰ্তা, ১১জুনঃ পাকিস্তানৰ চৰকাৰী সংবাদ চেনেল পি টিভি য়ে পাকিস্তানৰ ভুল মানচিত্ৰ প্ৰচাৰিত কৰাৰ অভিযোগত ২ জন কৰ্মচাৰীক চাকৰিৰ পৰা নিলম্বন কৰে ।
এই মানচিত্ৰখনত সেই স্থানক ভাৰতৰ অংশ বুলি দেখুৱাইছিল, যি অংশ পাকিস্তানে নিজৰ বুলি দাবী কৰে । (অৱশ্যে মানচিত্ৰত দেখুৱা সেই অংশ প্ৰকৃতে ভাৰতৰে অংশ)
পি টিভিত এই মানচিত্ৰ প্ৰচাৰিত হোৱাৰ পাছতে পাকিস্তানত বিবাদৰ সৃষ্টি হয় আৰু সমগ্ৰ দেশখনতে এই খবৰৰ প্ৰতিক্ৰিয়া হ’বলৈ আৰম্ভ কৰে ।
পাছত এই খবৰে পাকিস্তানৰ সংসদৰ মজিয়া পায়গৈ । যাৰ পাছতে চৰকাৰী টিভি চেনেলটোৱে এই ঘটনাৰ সৈতে জড়িত ২ জন কৰ্মচাৰীক নিলম্বিত কৰে । দেশখনত এই সন্দৰ্ভত চৰ্চা চলি থকাৰ মাজতে বুধবাৰে কৰ্মচাৰী ২ জনৰ নিলম্বনৰ খবৰ টুইটযোগে প্ৰকাশ কৰে ।
পি টিভি য়ে কয়- “৬ জুনত পি টিভিৰ এক বাতৰিত পাকিস্তানৰ ভুল মানচিত্ৰ প্ৰচাৰ কৰা বাবে ২ জন কৰ্মচাৰীক চাকৰিৰ পৰা নিলম্বন কৰা হয় ।”
Taking strict action on the recommendations of the Inquiry Committee designated to probe the airing of an incorrect images of a map of Pakistan on June 6 on PTV News, PTV management has terminated two officials found responsible for the professional oversight.
— PTV News (@PTVNewsOfficial) June 10, 2020