বাঘজানৰ অগ্নিকাণ্ডঃ নিৰাপত্তাৰ বাবে নিয়োগ কৰা হৈছে সেনা
নিয়মীয়া বাৰ্তা, ১১জুনঃ তিনিচুকীয়া বাঘজানৰ অগ্নিকাণ্ড সংঘটিত এলেকাত নিয়োগ কৰা হৈছে সেনা। সেনাৰ এটা দলে বাঘজান অঞ্চলত নিৰাপত্তাৰ দায়িত্ব গ্ৰহণ কৰিছে । বৃহত্তৰ বাঘজান অঞ্চলত যাতে কোনোধৰণৰ অপ্ৰীতিকৰ ঘটনা সংঘটিত নহয় তাৰ বাবে নিয়োগ কৰা হৈছে এই সেনাৰ দলটোক । ইপিনে ৰাজ্য চৰকাৰে বাঘজান অঞ্চটোৰ ৰাইজক শান্তি-শৃংখলা বজাই ৰাখিবলৈ আহ্বান জনাইছে ।
উল্লেখ্য যে, বাঘজানৰ অগ্নিকাণ্ড সন্দৰ্ভত অইলৰ ২ জ্যেষ্ঠ বিষয়াক নিলম্বন কৰা হৈছে । মুখ্য অভিযন্তা বিদ্যুৎপৱন দাসৰ লগতে ড্ৰিলিং অভিযন্তা দেৱজিৎ দাসক নিলম্বন কৰা হৈছে । তদন্ত প্ৰক্ৰিয়া সম্পূৰ্ণ নোহোৱা পৰ্যন্ত নিলম্বন কৰা হৈছে এই দুগৰাকী অভিযন্তাক ।