নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

‘ৰে’লযাত্ৰীৰ সংখ্যা কমিছে কিন্তু বিমান যাত্ৰীৰ সংখ্যা বাঢ়িছে’

নিয়মীয়া বাৰ্তা, ১১জুনঃ অসমলৈ আহিবলগীয়া ৰে’লযাত্ৰীৰ সংখ্যা কমিছে কিন্তু বিমানযাত্ৰীৰ সংখ্যা বাঢ়িছে। প্ৰতিদিনে অসমলৈ ২হাজাৰৰ পৰা ২২০০ বিমান যাত্ৰী আহিছে। বৰঝাৰত উপস্থিত হৈ সামাজিক দূৰত্বৰ বুজ ল’লে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

তেওঁ কয় যে গুৱাহাটীলৈ অহা লোকৰ সংখ্যা কমিছে যদিও হোজাই, তেজপুৰলৈ অহা লোকৰ সংখ্য়া বাঢ়িছে। যদিহে যাত্ৰীৰ সংখ্যা ৩০০০তকৈ অধিক হয় তেন্তে কিছু অসুবিধা হ’ব বুলিও মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে। বিমানত অহা বহু লোকৰে ক’ভিড হৈছে গতিকে এয়াৰপৰ্টৰ কৰ্মচাৰীসকলৰো কভিড হোৱাৰ সম্ভাৱনা আছে। ট্ৰেভেল হিষ্ট্ৰী নথকা ১২জন লোক ইতিমধ্যে কভিড পজিটিভ হৈছে। গতিকে সামাজিক দূৰত্ব মানি অধিক সতৰ্ক হৈ থাকিবলৈ আহ্বান মন্ত্ৰীগৰাকীৰ।

You might also like