নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ৰাইজৰ দান-বৰঙণিৰে ভেটিলে সৰলভঙা নদীৰ বান্ধ

নিয়মীয়া বাৰ্তা, ১১ জুনঃ  চুবুৰীয়া ৰাষ্ট্ৰ ভূটানৰ পাদদেশৰ পৰা কোকৰাঝাৰ জিলাৰ বৃহত্তৰ পাটগাঁও অঞ্চলৰ মাজেদি বৈ যোৱা সৰলভঙা নদীৰ তীব্ৰ সোঁতক বাধা দিবলৈ অঞ্চলবাসীয়ে এটা ভেটাবান্ধ নিৰ্মাণ কৰিছে। সৰস্ৰোতা নৈ খনৰ বাঢ়নী পানীয়ে প্ৰতি বছৰে বৃহত্তৰ অঞ্চলটোৰ বিস্তৰ ক্ষতি সাধন কৰি আহিছে । নৈখনৰ তীব্ৰ সোঁতে হাজাৰ হাজাৰ বিঘা ভূমিত খহনীয়া সৃষ্টি কৰি উটুৱাই লৈ যায়।

বাৰিষাৰ বানত নদীখনে কালৰূপ ধৰি বৃহত্তৰ অঞ্চলটোৰ ঝাৰবাৰী, ভাওঁৰাগুৰি, গুৱাবাৰী, বাংগালঝ’ৰা, পাটগাঁও বজাৰ, উত্তৰ পাটগাঁও, দক্ষিণ পাটগাঁও আদি ১২ খনৰো অধিক গাঁৱত প্ৰতিবছৰে বিভিষিকাৰ সৃষ্টি কৰি খেতি পথাৰৰ শস্য , বাগান, ঘৰ, গছ-গছনি আদি উটুৱাই লৈ যায়। লগতে বানৰ খহনীয়াত ন ন অঞ্চলৰ হাজাৰ হাজাৰ বিঘা মাটি নৈখনৰ কোৱাল সোঁতত জাহ যায়। অঞ্চলটোৰ শ শ পৰিয়ালে বানৰ কবলত পৰি প্ৰতিবছৰে আশ্ৰয় শিৱিৰত আশ্ৰয় গ্ৰহন কৰিবলগীয়া হয়।

এইদৰে প্ৰতি বছৰে বানত ক্ষতিগ্ৰস্ত হোৱা অঞ্চলটোক সুৰক্ষিত কৰি ৰখাৰ স্বাৰ্থতে প্ৰয়োজনীয় বান্ধ নিৰ্মাণৰ বাবে বিগত কেইবাবছৰ ধৰি আবেদন নিবেদন কৰা স্বত্তেও চৰকাৰী অনুদান লাভ নকৰাত অৱশেষত অঞ্চলটোৰ ৰাইজ নিজেই হাতে-কামে ওলাই আহিল। বিটিচিৰ প্ৰাক্তন এমচিএলএ তথা সমাজকৰ্মী মাধৱ কাৰ্কীৰ নেতৃত্বত বিগত এমাহ ধৰি ৰাইজে শ্ৰমদান কৰি শিল,মাটি-বালি,বাঁহ আদিৰে বান্ধ নিৰ্মাণৰ কাম সম্পূৰ্ণ কৰে। নৈখনৰ গতিপথ সলনি কৰি সম্পূৰ্ণ ৰাইজৰ দান বৰঙণিৰে নিৰ্মাণ কাৰ্য আৰম্ভ কৰা উক্ত বান্ধটিৰ আজি প্ৰাক্তন এমচিএলএ মাধৱ কাৰ্কীয়ে আনুষ্ঠানিক ভাৱে সামৰণি মাৰে।

বৃহত্তৰ অঞ্চলটোৰ সহস্ৰাধিক ৰাইজৰ উপস্থিতিত অনুষ্ঠিত শ্ৰমদান সামণি অনুষ্ঠানত দিয়া নিজৰ ভাষণত সমাজকৰ্মী কাৰ্কীয়ে এইবেলি নিৰ্মাণ সম্পূৰ্ণ কৰিতোলা বান্ধটো যদি এই বছৰৰ বানপানীত ভাঙি যায় তেতিয়া হ’লে আগন্তুক বৰ্ষত চৰকাৰী আঁচনি আশা নকৰাকৈ ৰাইজৰ দান বৰঙনিৰে পকী বান্ধ নিৰ্মান কাৰ্য আৰম্ভ কৰা হ’ব বুলি তেওঁ মন্তব্য কৰে।

You might also like