বাঘজান কাণ্ডৰ ঘটনাৰ উচিত তদন্তৰ দাবী ডিব্ৰুগড় আমছুৰ; অইল দুই কৰ্মচাৰীৰ অকাল মৃত্যুত শোক প্ৰকাশ
নিয়মীয়া বাৰ্তা, ১২ জুন : বাঘজান কাণ্ডত অকালতে প্ৰাণ হেৰুওৱা অইল ইণ্ডিয়া লিমিটেডৰ অগ্নিনিৰ্বাপক বাহিনীৰ দুজন নিষ্ঠাবান কৰ্মচাৰী ক্ৰমে তিখেশ্বৰ গোহাঁই আৰু দুৰ্লভ গগৈৰ প্ৰতি ডিব্ৰুগড় জিলা সংখ্যালঘু ছাত্ৰ ইউনিয়নে গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে শোক সন্তপ্ত পৰিয়াল বৰ্গলৈ সমবেদনা জনাইছে ।
এই শোকাবহ ঘটনাই অইল ইণ্ডিয়াৰ দৰে বৃহৎ তৈলক্ষেত্রৰ তৃণমূল কৰ্মচাৰীৰ জীৱন নিৰাপত্তাক লৈ কোনো ধৰণৰ সুৰক্ষা নথকা বিষয়টো প্ৰতিপন্ন কৰা বুলি উল্লেখ কৰি অইলৰ সোপাঢিলা নীতিক তীব্ৰ গৰিহণা দিয়ে আমছুৱে ।
ইফালে দূৰ্ভগীয়া পৰিয়ালবৰ্গক উপযুক্ত ক্ষতিপূৰণ দিবলৈ দাবী জনাই আমছুৰ ডিব্ৰুগড় জিলাৰ সভাপতি কাজু হুছেইন আৰু সাঃ সম্পাদকদ্বয় আব্দুল ৰচিদ আহমেদ আৰু নাজিবুল আলিয়ে । অনাগত দিনত অইল ইণ্ডিয়াৰ নিয়োজিত কৰ্মচাৰীৰ সুৰক্ষা নিশ্চিত কৰাৰ লগতে বাঘজানৰ দৰে ঘটনা পুনৰাবৃত্তি নহয় তাৰ বাবে অইল ইণ্ডিয়াই আগতীয়াকৈ কাৰিকৰী প্ৰযুক্তি মজুত ৰাখিবলৈও তেওঁলোকে দাবী জনাই ।
সংবাদমাধ্যমলৈ প্ৰেৰণ কৰা এক বিবৃতিত সংগঠনটোৱে উল্লেখ কৰে যে ১৬ টা দিন অতিক্ৰম কৰাৰ পাছতো অইল ইণ্ডিয়াৰ দৰে নৱৰত্ন কোম্পানী এটাই সুস্হিৰ পৰিৱেশ এটা তৈয়াৰ কৰিবলৈ সক্ষম হোৱা নাই । এইক্ষেত্ৰত অইল ইণ্ডিয়াই কেৱল নিজৰ মুনাফাৰ বাবে ৰাইজৰ জীৱনৰ লগত হেতালি খেলা কাৰ্যক আমছুয়ে কোনো কাৰণতে সহ্য নকৰে বুলি উল্লেখ কৰে ।আনহাতে বাঘজানত ক্ষতিগ্ৰস্ত লোক সকলক উপযুক্ত ক্ষতিপূৰণ দিবলৈ দাবী জনোৱা লগতে মৃত দুই কৰ্মচাৰীৰ পৰিয়াললৈও আৰ্থিক সকাহ আৰু চাকৰি সুবিধা দিবলৈও দাবী জনাইছে আমছুৱে । অন্যথা প্ৰয়োজনত অইল ইণ্ডিয়াৰ তৈলক্ষেত্র সমূহ বন্ধ কৰাৰ কাৰ্যসূচী গ্ৰহণ কৰাৰ হুংকাৰ জনাই ।
ইপিনে সম্পূৰ্ণ ঘটনাৰ এক উচ্চ পৰ্যায়ৰ তদন্ত কৰাৰ লগতে যিসকল বিষয়াৰ গাফিলতিৰ বাবে এই ধৰণৰ ঘটনা হ’বলৈ পালে তাৰ ওপৰত কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে আমছু ডিব্ৰুগড় জিলাই ।