নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গুৱাহাটীত প্রতি কেজি ছাগলী মাংসত ৫০ টকা হ্রাস

নিয়মীয়া বাৰ্তা, ১২ জুনঃ সর্বসাধাৰণ ৰাইজৰ বাবে এটা ভাল খবৰ৷ গুৱাহাটী মহানগৰীত হ্রাস পালে ছাগলী মাংসৰ মূল্য৷ প্রতি কেজি ছাগলী মাংসত হ্রাস পাইছে ৫০ টকাকৈ৷

পূর্বে অর্থাৎ লকডাউনৰ সময়ছোৱাৰ পৰা ছাগলী মাংসৰ মূল্য আছিল ৭০০ টকা৷ এতিয়াৰে পৰা প্রতি কেজি ছাগলীৰ মাংসৰ মূল্য হ’ব ৬৫০ টকা৷ শুকুৰবাৰৰ পৰা গ্রাহকসকলে ৬৫০ টকাত ক্রয় কৰিব পাৰিব ছাগলীৰ মাংস৷

বৃহত্তৰ গুৱাহাটী ছাগলী ব্যৱসায়ী সন্থাই জনোৱা অনুসৰি ক’ভিড–১৯ ৰ সময়ছোৱাত ছাগলীৰ নাটনি হোৱাৰ বাবে বৃদ্ধি হৈছিল ছাগলীৰ মাংস৷ এতিয়া পূর্বতকৈ হ্রাস হৈছে নাটনি৷ সেয়ে মূল্য হ্রাস হোৱা সম্পর্কত ইতিমধ্যে সংস্থাটোৱে গুৱাহাটী পৌৰ নিগমলৈ লিখিত পত্র প্রেৰণ কৰিছে৷ পৰৱর্তী সিদ্ধান্ত নোলোৱা পর্যন্ত ৬৫০ টকাতে ক্রয় কৰিব লাগিব গ্রাহকসকলে৷

You might also like