সবৰীমালা প্রসংগত টিডিবিৰে আলোচনা কেৰালা চৰকাৰৰ
নিয়মীয়া বাৰ্তা, ১২জুনঃ সবৰীমালা ব’র্ডে কেৰালাত মন্দিৰৰ দুৱাৰ মুকলি কৰিবলৈ অস্বীকাৰ কৰাৰ লগে লগে বিষয়টোক লৈ সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতি৷ সবৰীমালা মন্দিৰ পৰিচালনাৰ বাবে থকা ট্রাভানকোৰ দেৱশ্ব’ম ব’ড (টিডিবি) আৰু কেৰালা চৰকাৰে এই বিষয়টোক লৈ সৃষ্টি হোৱা মতানৈক্যৰ অৱসান ঘটাবলৈ তিৰুৱনন্তপুৰমত আলোচনা আৰম্ভ কৰিছে৷ উল্লেখনীয় যে টিডিবিয়ে সবৰীমালা মন্দিৰত ভক্তক প্রৱেশ কৰিবলৈ অনুমতি দিয়াৰ পৰা বিৰত থকাৰ উপৰি মন্দিৰৰ বার্ষিক উৎসৱ বর্জন কৰাৰো সিদ্ধান্ত লৈছে৷ মন্দিৰৰ মুখ্য পুৰোহিতে জটিল পৰিস্থিতিৰ বাবেই ভক্তৰ বাবে সবৰীমালাৰ দুৱাৰ মুকলি কৰাৰ ক্ষেত্রত বাধাৰ সৃষ্টি কৰে৷ লক্ষণীয়ভাৱে মুখ্য পুৰোহিত বা ‘তান্ত্রি’য়ে ক’ভিড–১৯ৰ বাবে চলি থকা লকডাউনৰ সময়ত মন্দিৰ মুকলিৰ ক্ষেত্রত চৰকাৰে কিছু শিথিলতা আনি দিয়া বিষয়টোক সহজভাৱে গ্রহণ কৰা নাই৷ গতিকে মন্দিৰৰ দুৱাৰ মুকলি নহ’ব বুলি স্পষ্ট কৰি দিছে।