নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মুম্বাইৰ গ্লেমাৰ এতিয়া অতীত; লকডাউনত অনাহাৰে দিন কটাইছে ৰাণু মণ্ডলে

 নিয়মীয়া বাৰ্তা ১২ জুনঃ   ৰাণু মণ্ডলক মনত আছে নে আপোলোকৰ। মাত্ৰ ছমাহৰ আগলৈকে ছচিয়েল মিডিয়াৰ খলকনি আছিল ৰাণু মণ্ডল। ছচিয়েল মিডিয়াত ৰাণু মণ্ডলৰ বিশেষ প্ৰসাধনক লৈ বনোৱা মীমেই হওক অথবা ৰাণু মণ্ডলৰ  স্বভাৱেই হওক। কেৱল চাৰিও ফালে ৰাণুমণ্ডল।

ৰাণুমণ্ডলৰ জীৱনটো চিনেমা কাহিনীৰ দৰে।ৰানাঘাট ৰে’লৱে ষ্টেচনত ৰাণু মণ্ডলে লতা মংগেশকাৰৰ গীত এক প্যয়াৰ কা নাগমা হে গীতটো গাই থাকোতে সেই সময়ত উপস্থিত থকা যাত্ৰী এজনে মবাইলত গানটো ৰেকৰ্ড কৰি ফেচবুকত পষ্ট কৰিছিল। সেইয়াই আৰম্ভণি। চাৰিওফালে ৰাণু মণ্ডলৰ গীতৰ চৰ্চা। ছচিয়েল মিডিয়াত ধুমুহাৰ সৃষ্টি কৰিছিল ৰাণুৰ গীতে। কোনোবাই ৰাণুক লতা মংগেশকাৰৰ উত্তৰসূৰী বুলি ঘোষণা কৰিবলৈ কুণ্ঠাবোধ কৰা নাছিল।
বলিউদৰ গায়ক তথা সংগীত পৰিচালক হিমেশ ৰেচমিয়াই ৰাণু মণ্ডলক ছবিত গীত গাবলৈ সুবিধা দিছিল। পদপথৰ পৰা একেবাৰে মুম্বাইৰ গ্লেমাৰ জগতত ভৰি দিছিল ৰাণুৱে।

কিন্তু সময় বোৱতী নদীৰ দৰে। নদীয়ে গতি সলনি কৰাৰ দৰে ৰাণু মণ্ডলৰ জীৱনো সলনি কৰিলে। ছচিয়েল মিডিয়াৰ যোগেদি খলকনি সৃষ্টি হোৱা ৰাণু মণ্ডল যেন এতিয়া যেন পুনৰ পদপথলৈ উভতি গৈছে। শেহতীয়া খবৰ মতে লকডাউনৰ পিছৰে পৰা এতিয়া নিজৰ অন্ন যোগাৰ কৰাটো কঠিন হৈ পৰিছে। কেতিয়াবা ভাত নাপাই মুৰি খায়েই দিন পাৰ কৰিছে ৰাণুৱে । ৰাণুৰ এতিয়া আক্ষেপ তেওঁক এতিয়া কোনেও বিচাৰি নাহে। পুৰণি দিনবোৰ যেন উভতি আহিছে। এতিয়া ৰাণুয়ে নিজে গায় জিন্দেগী ঔৰ কুছ নেহী তেৰী মেৰী কাহিনী হে।

You might also like