নিয়মীয়া বাৰ্তা ১৩ জুনঃ লকডাউনৰ মাজতে নামনি সোৱণশিৰি জলবিদ্যুৎ প্রকল্পস্থলীলৈ নগাঁৱৰ গুদামৰ পৰা গোপনে বিভিন্ন যন্ত্রপাতি, নির্মাণ সামগ্রীৰ সৰবৰাহ অব্যাহত আছে৷ ইতিমধ্যে ১৪খনকৈ ৰ’ড ভর্তি গাডী শেনচোৱাৰ এন এইচ পি চিৰ গুদামৰ পৰা প্রকল্প ক্ষেত্রলৈ সৰবৰাহ হোৱাৰ পিছত পুনৰ আন কেইবাখনো সামগ্রীভর্তি গাড়ী সৰবৰাহৰ বাবে সাজু কৰি তুলিছে৷ এন এল ০১ জি– ৫১৫১ আৰু এন এল ০১ জি–৮৮৬২ নম্বৰৰ ড্রাক দুখন প্রকল্প ক্ষেত্রলৈ নিয়াৰ বাবে সাজু কৰি তুলিছে৷ তদুপৰি পৰৱর্তী পর্যায়ত ২৭টাকৈ বৃহৎ ট্ৰেন্সফাৰ্মাৰো প্রকল্পস্থলীলৈ সৰবৰাহ কৰাৰ বাবে সাজু কৰা পৰিলক্ষিত হৈছে৷ মহামাৰী কৰ’নাৰ আতংক আৰু লকডাউনৰ গইনা লৈ এই তৎপৰতা গ্রহণ কৰিছে নির্মাণকাৰী সংস্থা এন এইচ পি চিয়ে৷ যিহেতু এই জটিল সময়ছোৱাত কোনো দল–সংগঠনেই এন এইচ পি চিৰ সামগ্রী সৰবৰাহৰ বাধা প্রদান কৰিবলৈ ৰাজপথলৈ আগবাঢ়ি নাহে, সেয়েহে তাৰেই সুযোগ গ্রহণ কৰি বিশেষভাৱে তৎপৰ হৈ পৰিছে এন এইচ পি চি কর্তৃপক্ষ৷
স্মর্তব্য যে নামনি সোৱণশিৰি জলবিদ্যুৎ প্রকল্পস্থলীত খহনীয়া অব্যাহত আছে আৰু পানীৰ ধলে খহাই নিছে ইখনৰ পিছত সিখন গার্ড ৱাল৷ তাৰ মাজতেই প্রকল্পস্থলীলৈ নগাঁৱৰ শেনচোৱাৰ এন এইচ পি চিৰ গুদামৰ পৰা গোপনে সৰবৰাহ হৈ আছে যন্ত্রাংশ আৰু আন নির্মাণ সামগ্রীৰ৷ ইপিনে, জনচক্ষুৰ আঁৰে আঁৰে এন এইচ পি চিয়ে সামগ্রী আৰু যন্ত্রাংশ সৰবৰাহৰ ফটো সংগ্রহ কৰি থকাৰ সময়তে আজি এন এইচ পি চিৰ একাংশ কর্মচাৰীয়ে সাংবাদিকক বাধা প্রদান কৰাত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়৷ দল–সংগঠনৰ প্রতিবাদক একাষৰীয়া কৰি তথা বিশেষজ্ঞৰ মতামতকো আওকাণ কৰি এতিয়া চূডান্ত মইমতালিৰে এন এইচ পি চিয়ে বৃহৎ নদীবান্ধ নির্মাণৰ বাবে তৎপৰ হৈ পৰিছে৷ নদীবান্ধবিৰোধী আন্দোলন স্তিমিত হোৱা আৰু লকডাউনৰ পূর্ণ সুযোগ গ্রহণ কৰি এনেদৰে এতিয়া নগাঁৱৰ পৰা গোপনে সৰবৰাহ হৈ আছে নদীবান্ধ নির্মাণৰ সামগ্রী৷