নিয়মীয়া বাৰ্তা ১৩ জুনঃ আজি ঘিলামৰা সামূহিক চিকিৎসালয়ৰ চৌহদত মিচিং স্বায়ত্ব শাসিত পৰিষদৰ(এম এ চি) পূঁজিৰে চিকিৎসকৰ জিৰণি কোঠা এটিৰ আধাৰশিলা স্থাপন এম এ চিৰ কাৰ্যবাহী সদস্যা ইন্দিৰা চিন্তা কুবাং ডাঙৰীয়াণীয়ে। এই সম্পৰ্কে অনুষ্ঠিত হোৱা এখন সভাত কাৰ্যবাহী সদস্যা গৰাকীয়ে মিচিং স্বায়ত্ব শাসিত পৰিষদৰ ২০১৯-২০২০ বষৰ উন্নয়ন পূঁজিৰ জৰিয়তে ঘিলামৰা সামূহিক স্বাস্থ্য কেন্দ্ৰত ১০ লাখ টকাৰে নিৰ্মাণ কৰিবলগীয়া এই জিৰণী কোঠাটিত আধুনিক ব্যৱস্থাৰে সকলো সা-সুবিধা উপলব্দ কৰা হ’ব বুলি বক্তব্য প্ৰদান কৰে । এই আঁচনি যোগেদি চিকিৎসালয় খনৰ চিকিৎসাৰ আৰু স্বাস্থ্য কৰ্মী সকলে সততে কাৰ্যসম্পন্ন কৰাৰ অন্তত ভুগি অহা বহু দিনিয়া অভাৱ পূৰণ হ’ব বুলি স্পষ্ট কৈ সদৰী কৰে। দিনৰ ১১ বজাত আনুষ্ঠানিকভাৱে আধাৰশিলা স্থাপন কৰা অনুষ্ঠানটিত ঘিলামৰা সামূহিক স্বাস্থ্য কেন্দ্ৰৰ মহকুমাস্বাস্থ্য বিষয়া ডাঃধীৰেণ শইকীয়া ,
ঘিলামৰা , বিলমুখ,দেবলীযা আৰু সোৱনশিৰি গাওঁ পঞ্চায়তৰ সভাপতি ক্ৰমে দীপাঞ্জলী গগৈ ,গনেশ দলে,দিলীপ বৰা আৰু খনিন্দ মেদক,ঘিলামৰা উন্নয়নৰ সমিতি সম্পাদক গুণ হাজৰিকা, সমাজ কমী ডিম্বেশ্বৰ চেতিয়া ,গণ শক্তি দলৰ ঘিলামৰা ব্লকৰ সভাপতি তুলাৰাম কুম্বাং , সম্পাদক বিদ্যাধৰ বৰা, সহকাৰী সম্পাদক সুনীল শইকীয়া, গণ শক্তি ঘিলামৰা আঞ্চলিক সমিতি ৰ বিষয়ববীয়া জিতু শইকীয়া , নিবৰ গগৈ, দেবিজত চাংমাইৰ উপৰিও অঞ্চলটোৰ কেইবাজনো জেষ্ঠ নাগৰিক উপস্থিত থাকে।