নগাঁৱত নিৰ্মাণ কাৰ্য সম্পন্ন হোৱাৰ পাছতো এবছৰে মুকলি ন’হল পানী যোগান আঁচনি
নিয়মীয়া বাৰ্তা, ১৩ জুন : নগাঁও জিলাৰ বঢ়মপুৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত বঢ়মপুৰ বামুণীত এটা পানী যোগান আঁচনিৰ কাম সম্পূৰ্ণ হোৱাৰ পাছতো দীৰ্ঘদিনে মুকলি নোহোৱাকৈ থকাত এটুপি বিশুদ্ধ খোৱাপানীৰ বাবে অঞ্চলটোৰ ৰাইজে হাহাকাৰ কৰিবলগীয়া হৈছে।
নগাঁও জিলা জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অধীনস্থ এই পানী যোগান আঁচনিটোৰ কাম প্ৰায় এবছৰৰ পূৰ্বেই সম্পূৰ্ণ হৈছিল যদিও বিভাগটোৰ একাংশ বিষয়া কৰ্মচাৰীৰ অৱহেলাৰ আৰ সদিচ্ছাৰ অভাৱত আজিলৈকে এই আচঁনিখনৰ পানী যোগানৰ কাম আৰম্ভ নহ’ল। যাৰ বাবে এটা বৃহত্তৰ অঞ্চলৰ ৰাইজে বিশুদ্ধ খোৱাপানীৰ পৰা বঞ্চিত হ’বলগীয়া হৈছে। আনহাতে এই আচঁনিখন যন্ত্ৰপাতি দীৰ্ঘদিনে পৰিত্যক্ত অৱস্থাত থকাত ঘন লতা-জংঘলে আৱৰি ধৰাৰ লগতে গৰু ছাগলীৰ বিচৰণ স্থলিলৈ ৰূপান্তৰিত হৈছে।
বৃহত্তৰ অঞ্চলটোৰ বামুণী, বৰবাৰী, দলৈ গাঁও, কাৰ্বি গাঁও, বেবেজীয়া, ধনতোলাকে ধৰি কেইবাখনো গাঁৱৰ ৰাইজক বিশুদ্ধ খোৱাপানীৰ যোগান ধৰাৰ উদ্দ্যেশ্যে বহু লাখ টকা ব্যয় সাপেক্ষে এই আঁচনিখন গ্ৰহণ কৰা হৈছিল যদিও বৰ্তমানেও আচঁনিখন মুকলি নোহোৱাত শিশুকে ধৰি অঞ্চলটোৰ ৰাইজে জান-জুৰি, খাল-বিলৰ পানী খোৱাৰ লগতে ঘৰৰ অত্যাৱশ্যকীয় কামতো ব্যৱহাৰ কৰিবলগীয়া হৈছে। এই পানী সেৱন কৰি অঞ্চলটোত বহু লোকৰ ইতিমধ্যে চৰ্মৰোগে দেখা দিয়াৰ লগতে পেটৰ বেমাৰ, দাঁতৰ বেমাৰ আদি নানা ৰোগত আক্ৰান্ত হবলগীয়া হৈছে। অঞ্চলটোত পানীত বিশাক্ত আৰ্ছেনিক আৰু ফ্ল’ৰাইড থকাৰো সন্দেহ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে।
অঞ্চলটোৰ ৰাইজে বিষয়টো স্থানীয় বিধায়ক প্ৰফুল্ল কুমাৰ মহন্তক হস্তক্ষেপ কৰি ৰাইজক বিশুদ্ধ খোৱা পানীৰ ব্যৱস্থা কৰি দিবাৰ লগতে অঞ্চলটোত পানীৰ পৰিক্ষা কৰিবলৈ নগাঁও জিলা জনস্বাস্থ্য কাৰিকৰী বিভাগক দাবী জনায়।