নিয়মীয়া বাৰ্তা, ১৪ জুনঃ গুৱাহাটী প্রেছ ক্লাবৰ লগতে সাংবাদিক–সংবাদকৰ্মীয়ে দীর্ঘদিন ধৰি সন্মুখীন হৈ অহা বিভিন্ন সমস্যা সন্দর্ভত আজি প্রেছ ক্লাবৰ নৱনির্বাচিত কার্যকৰী সমিতিৰ এটা সঁজাতী দলে মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালক সাক্ষাৎ কৰে৷
গুৱাহাটী প্রেছ ক্লাবৰ সভাপতি মনোজ কুমাৰ নাথ আৰু সম্পাদক সঞ্জয় ৰায়ৰ নেতৃত্বত নৱনির্বাচিত কার্যকৰী সমিতিৰ সঁজাতী দলটোৱে ব্রহ্মপুত্র ৰাজ্যিক অতিথিশালাত মুখ্যমন্ত্রী সোণোৱালক সাক্ষাৎ কৰি সমস্যাসমূহ অৱগত কৰে৷ বিশেষকৈ প্রেছ ক্লাবৰ স্থায়ী ভূমি আৰু বিশ্বমানৰ প্রেছ ক্লাব নির্মাণ কৰাৰ বাবে চৰকাৰৰ সহযোগিতাৰ বাবে মুখ্যমন্ত্রীক আহ্বান জনায়৷ তদুপৰি, সাংবাদিক–সংবাদকৰ্মীৰ স্বাস্থ্য বীমাৰ লগতে অন্যান্য সমস্যা সন্দর্ভত মুখ্যমন্ত্রীক অৱগত কৰি এইক্ষেত্রত বিহিত ব্যৱস্থা গ্রহণ কৰাৰ বাবে অনুৰোধ জনায়৷ মুখ্যমন্ত্রীক সকলো সমস্যা অৱগত কৰাৰ উপৰি এখন স্মাৰক–পত্র প্রদান কৰে৷
মুখ্যমন্ত্রীয়ে প্রেছ ক্লাবৰ নৱনির্বাচিত সমিতিলৈ শুভেচ্ছা জ্ঞাপন কৰে৷ অনাগত সময়ত প্রেছ ক্লাবটোলৈ সকলোধৰণৰ সহায়–সহযোগিতা আগবঢ়োৱাৰ লগতে তেওঁলোকৰ অভাৱ–ভিযোগসমূহ সমাধানৰ বাবে ইতিবাচক দৃষ্টিভংগীৰে পদক্ষেপ লোৱা হ’ব বুলি মুখ্যমন্ত্রীয়ে আশ্বাস প্রদান কৰে৷
আজিৰ সাক্ষাৎকালত মুখ্যমন্ত্রীৰ মিডিয়া উপদেষ্টা হূষীকেশ গোস্বামীৰ লগতে গুৱাহাটী প্রেছ ক্লাবৰ উপ–সভাপতি ধনীৰাম কলিতা, কোষাধ্যক্ষ নয়নপ্রতিম কুমাৰ, সহকাৰী সম্পাদক মুনীন্দ্র ডেকা, সহকাৰী সম্পাদিকা মনীষা কলিতা, ক্রীড়া সম্পাদক ধীৰাজ হাজৰিকা, সাংস্কৃতিক সম্পাদিকা পল্লৱী বৰা, কার্যনির্বাহক সদস্য গালিবুৰ ৰহমান আৰু কিশোৰজ্যোতি শর্মা উপস্থিত থাকে৷