নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

খিলঞ্জীয়াৰ হত্যাকাণ্ডক লৈ উত্তপ্ত নুনমাটিঃ থানা ঘেৰাও কৰি প্রতিবাদ

নিয়মীয়া বাৰ্তা, ১৪ জুনঃ মহানগৰীৰ নুনমাটিত কালি দিন–দুপৰতে খিলঞ্জীয় যুৱক এজনক ডিঙি ৰেপি হত্যা কৰা নৃশংস ঘটনাৰ চাঞ্চল্য শনিবাৰেও অব্যাহত আছে৷ নুনমাটি থানাৰ সমীপতে ধেমাজি জিলাৰ চিলাপথাৰৰ অকাজানৰ ঋতুপর্ণ পেগু নামৰ যুৱকজনক হত্যাৰ ঘটনাই জোকৰি গৈছে সমগ্র ৰাজ্যখনকে৷ সদৌ মিচিং ছাত্র সন্থা (টি এম পি কে) আৰু সদৌ গুৱাহাটী মিচিং কেবাং নেতৃবৃন্দ তথা কর্মকর্তাসকলে শনিবাৰে হত্যাকাৰীক কঠোৰ শাস্তিৰ দাবীত নুনমাটি থানাৰ সন্মুখত তীব্র প্রতিবাদ সাব্যস্ত কৰে৷

টি এম পি কেৰ সভাপতি দেৱজিৎ কুটুম, ভাৰপ্রাপ্ত সাধাৰণ সম্পাদক চিৰঞ্জীৱ পাটিৰ, সদৌ গুৱাহাটী মিচিং কেবাঙৰ সভাপতি কর্ণেশ্বৰ দলে আৰু সাধাৰণ সম্পাদক বিজয় পাটিৰৰ নেতৃত্বত সংগঠন দুটাৰ শতাধিক কর্মকর্তাই উক্ত হত্যাকাণ্ডটোৰ স্থলী নুনমাটি হাইস্কুলৰ বিপৰীত দিশত থকা আৰমান হোম ফার্নিছিং নামৰ ব্যৱসায়িক প্রতিষ্ঠানখনৰ সন্মুখত উত্তাল প্রতিবাদ সাব্যস্ত কৰে৷ ঋতুপর্ণ পেগুৰ হত্যাকাৰী মুর্দাবাদ, খিলঞ্জীয়াৰ ওপৰত বর্বৰ আক্রমণ নচলিব, ঋতুপর্ণ পেগুৰ হত্যাকাৰী হুচিয়াৰ আদি শ্লোগান দিয়ে প্রতিবাদকাৰীসকলে৷ প্রতিষ্ঠানখনৰ সন্মুখৰ পৰা প্রতিবাদকাৰীসকলে নুনমাটি থানাৰ সন্মুখলৈ সমদল কৰি গৈ হত্যাকাৰীক কঠোৰ শাস্তি বিহৰ দাবীত বিভিন্ন শ্লোগানেৰে আকাশ–বতাহ মুখৰিত কৰি তোলে৷ প্রতিবাদকাৰীসকলে নুনামটি থানা ঘেৰাও কৰি দোষীক দৃষ্টান্তমূলক শাস্তি দিয়াৰ লগতে ভুক্তভোগী পৰিয়ালক ক্ষতিপূৰণ দিয়াৰ দাবীত প্রতিবাদ অব্যাহত ৰাখে৷ এই বিষয়ে খবৰ পাই কিছু সময়ৰ পাছতে নুনমাটি থানাত উপস্থিত হয় গুৱাহাটী আৰক্ষী আয়ুক্ত মুন্না প্রসাদ গুপ্তা, উপ–আৰক্ষী আয়ুক্ত লংলিত টেৰণসহ কেইবাজনে শীষ আৰক্ষী বিষয়া৷ প্রতিদবাদস্থলীত টি এন পি কেৰ সভাপতি দেৱজিৎ কুটুমে খিলঞ্জীয়া যুৱক এজনক নুনমাটি থানাৰ সমীপতে একাংশ বংগ মূলীয় লোকে সামান্য কথা এটাক লৈ নির্মমভাৱে হত্যা কৰা ঘটনাক তীব্র নিন্দা কৰে৷ লগতে হত্যাকাৰীক কঠোৰ শাস্তি দিয়াৰ দাবী জনায়৷

আনহাতে, সমগ্র ঘটনাটো সঠিকভাৱে তদন্ত কৰি ৯০ দিনৰ ভিতৰত আদালতত অভিযোগনামা দাখিল কৰিবলৈ সভাপতি কুটুমে দাবী জনায়৷ ঋতুপর্ণ পেগুৰ হত্যাৰ গোচৰটো ফাষ্ট ট্রেক আদালতত বিচাৰ কৰিবলৈ আৰু এই বিচাৰ প্রক্রিয়া ক্ষিপ্রগতিত চলাই নিয়াৰ বাবে বিশেষ চৰকাৰী অধিবক্তা নিয়োগ কৰিবলৈ সভাপতি কুটুমে আৰক্ষী আয়ুক্তৰ আগত দাবী জনায়৷ আৰক্ষী আয়ুক্তই হত্যাকাৰীক কঠোৰ শাস্তি দিয়াৰ লগতে বাকী দাবীকেইটা সংশ্লিষ্ট কর্তৃপক্ষৰ লগত আলোচনা কৰি ব্যৱস্থা গ্রহণ কৰা হ’ব বুলি আশ্বাস দিয়ে৷ আৰক্ষী আয়ুক্তই আশ্বাস দিয়াৰ কিছু সময় পাছত সংগঠন দুটাই প্রতিবাদী কার্যসূচী প্রত্যাহাৰ কৰে৷ উল্লেখ্য যে নুনমাটিৰ আৰমান হোম ফার্নিছিং নামৰ প্রতিষ্ঠানখনত চকীত বহাক কেন্দ্র কৰি সৃষ্টি হোৱা কাজিয়াৰ গইনা লৈ প্রতিষ্ঠানখনৰ প্রাক্তন কর্মচাৰী ঋতুপর্ণ পেগুক ছুৰীৰে হানি–খুঁচি আৰু ডিঙি ৰেপি হত্যা কৰে প্রতিষ্ঠানখনৰ স্বত্বাধিকাৰীসহ পৰিয়ালৰ পাঁচজন লোকে৷ এই ঘটনা সংক্রান্তত নুনমাটি আৰক্ষীয়ে প্রতিষ্ঠানখনৰ স্বত্বাধিকাৰী আৰমান আলী, হুছেইন আলী, দুলাল আলী, ইব্রাহিম আলী আৰু মনোৱাৰা খাতুনক গ্রেপ্তাৰ কৰে৷ নুনমাটি আৰক্ষীয়ে জনোৱা মতে, ফার্নিছাৰ হোমত প্রায় ৩ বছৰ কাম কৰা ঋতুপর্ণ পেগুক কালি প্রতিষ্ঠানখনলৈ মাতি পঠিয়াইছিল আৰমান আলীয়ে৷ সেইমর্মে পেগু তালৈ যায়৷ ফার্নিছাৰ হোমত থকা এখন চকীত বহাৰ বাবে চকীখন টানি আনে পেগুৱে৷ সেই একেখন চকীত বহাৰ বাবে প্রতিষ্ঠানখনৰে পৰিয়ালৰ এজন নাবালকে চকীখন টনাটানি ধৰে৷ ইয়াতেই ক্ষুণ্ণ হৈ পেগুৱে নাবালকজনক চৰ মাৰে৷

তাতেই ক্ষুণ্ণ হৈ নাবালকজনে প্রতিষ্ঠানখনৰ পিছফালে থকা নিজ বাসগৃহলৈ গৈ পিতৃ দুলাল আলী, ককায়েক ইব্রাহিম আলী আদিক খবৰ দিয়ে৷ ইয়াৰ পাছতে পৰিয়ালৰ লোকসকলে ঘৰৰ পৰা ওলাই আহি পেগুক ছুৰীৰে হানি–খুঁচি আৰু ডিঙি ৰেপি হত্যা কৰে৷ ইফালে, ঘটনাৰ পাছতে মহানগৰীৰ চানমাৰি কমার্চ পইণ্টৰ ভাস্কৰ নগৰত থকা ঋতুপর্ণ পেগুৰ পত্নী এলিনা মিলি পেগু নিঠৰুৱা হৈ পৰে৷ উল্লেখ্য যে ভাস্কৰ নগৰত ভাৰাতীয়া হিচাপে আছিল ঋতুপর্ণ পেগু, পত্নী আৰু ৭ মহীয়া সন্তানৰ সৈতে৷ ঋতুপর্ণ পেগুৱে উবেৰ চালক হিচাপে কাম কৰি আছিল যদিও লকডাউনৰ বাবে গাড়ী চলাব পৰা নাছিল৷

ইফালে, উক্ত হত্যাকাণ্ডৰ খবৰ পাই চিলাপথাৰ অকাজানৰ পৰা অহা ঋতুপর্ণ পেগুৰ পিতৃ হৰিনাথ পেগু আৰু মাতৃ কৃষ্ণা পেগু আজি নুনমাটি থানাত উপস্থিত হৈ পুত্রৰ হত্যাকাৰীক ফাঁচি দিয়াৰ দাবী জনায়৷ ঋতুপর্ণ পেগুৰ পত্নীয়েও হত্যাকাৰীক ফাঁচি দিয়াৰ দাবী জনাইছে৷ ইফালে, এই সমগ্র হত্যাকাণ্ডৰ তদন্ত কৰিবলৈ মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান শাখাক (চি আই ডি) দায়িত্ব অর্পণ কৰিছে৷

You might also like