নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

শিথিলতাৰ সুযোগ লৈ গুৱাহাটীৰ য’তে–ত’তে বহিছে বজাৰ

নিয়মীয়া বাৰ্তা, ১৪ জুনঃ ক’ৰোনা ভাইৰাছৰ সংক্রমণ প্রতিৰোধ কৰাৰ লক্ষ্যৰে ঘোষণা কৰা লকডাউনৰ সমান্তৰালকৈ অর্থনৈতিক কার্যকলাপ চলাই নিয়াৰো সিদ্ধান্ত গ্রহণ কৰিছে কেন্দ্র–ৰাজ্য চৰকাৰে৷ যাৰ বাবে লকডাউনৰ নীতি–নিয়মত কিছু শিথিলতা প্রদান কৰা হৈছে৷ নির্দিষ্ট নিয়মাৱলীৰ মাজেৰে স্বাস্থ্য বিধি অনুসৰণ কৰি অর্থনৈতিক কাম–কাজ চলাই নিয়াৰ অনুমতি দিয়া হৈছে৷

ৰাজ্য–কেন্দ্র উভয় চৰকাৰে প্রদান কৰা এই শিথিলতাৰেই যেন সুযোগ গ্রহণ কৰিছে একাংশ লোকে৷ ক’ৰোনাৰ ‘হটবেড’ত পৰিণত হোৱা গুৱাহাটী মহানগৰীত পদে পদে ভংগ কৰা হৈছে লকডাউনৰ নীতি–নিয়ম৷ পুৱাৰে পৰা নিশালৈ মহানগৰীৰ ব্যস্ত জীৱনত ক’তো লকডাউনৰ সামান্যতমো প্রভাৱ পৰিলক্ষিত হোৱা নাই৷ ক’ৰোনাৰ আটাইতকৈ ভয়াৱহ পর্যায় সামাজিক সংক্রমণৰ দিশে গতি কৰা মহানগৰীখনত একাংশ লোক এতিয়াও সজাগ–সচেতন আৰু সাৱধান হোৱা নাই৷

হাট–বজাৰ, চৰকাৰী–বেচৰকাৰী কার্যালয়, ব্যৱসায়িক প্রতিষ্ঠানকে ধৰি বিভিন্ন ক্ষেত্রত বহু লোকে অনুসৰণ কৰা নাই স্বাস্থ্য বিধি৷ ঘৰৰ পৰা বাহিৰলৈ ওলোৱাৰ লগে লগে মাস্ক পৰিধান কৰাটো বাধ্যতামূলক কৰা হৈছে৷ সকলো স্থানতে সামাজিক দূৰত্বৰ নীতি পালন কৰিবলৈ কঠোৰ নির্দেশ দিয়া হৈছে৷ কিন্তু হাটে–বজাৰে হাজাৰ হাজাৰ লোকে মাস্ক পৰিধান নকৰাকৈয়ে ঘূৰি ফুৰা পৰিলক্ষিত হৈছে৷ বহুসংখ্যকে আকৌ নামতহে মাস্কখন লৈ ঘূৰি ফুৰা দেখা যায়৷ মাস্কখনেৰে নাম–মুখ ঢ়াকি ৰখাৰ পৰিৱর্তে কাণতহে ওলোৱাই ৰাখে৷

আনহাতে, সামাজিক দূৰত্বৰ নীতি যেন একপ্রকাৰ ধোঁৱাচাঙত তুলি থোৱা হৈছে৷ ৰাজপথ, বজাৰ–সমাৰ সকলোতে ব্যাপক জনসমাগ ঘটিছে৷ মহানগৰীৰ গণেশগুৰি, চানমাৰি, নুনমাটি, মালিগাঁৱকে ধৰি বিভিন্ন অঞ্চলত পদপথতে বহিছে বজাৰ৷ শাক–পাচলি, মাছ–মাংস, কাপোৰ–কানিকে ধৰি বিভিন্ন সামগ্রীৰ বজাৰত পুৱাৰে পৰা নিশালৈ অত্যধিক ভিৰ পৰিলক্ষিত হৈ আহিছে৷

উল্লেখ্য যে কেন্দ্রীয় চৰকাৰে আনলক ১.০ৰ অধীনত নতুনকৈ ধর্মীয় উপাসনাস্থলী, শ্বপিং মল আদি খুলিবলৈ অনুমতি প্রদান কৰিছে৷ ইয়াৰ পূর্বৰ লকডাউনৰ সময়ত কার্যালয় আৰু ব্যৱসায়িক প্রতিষ্ঠানসমূহ খোলাৰ অনুমতি প্রদান কৰিছিল৷ শিথিলতা প্রদান কৰিলেও দেশজুৰি অহা ৩০ জুনলৈ লকডাউন অব্যাহত থাকিব বুলি কেন্দ্রীয় চৰকাৰে ঘোষণা কৰিছে৷ কিন্তু লকডাউনৰ সময়ত পালন কৰিবলগীয়া নীতি–নিয়ম যেন পাহৰি গৈছে সর্বসাধাৰণে৷ যাৰ বাবে মহানগৰীত সংক্রমণে ভয়াৱহ ৰূপ লোৱাৰ আশংকা কৰা হৈছে৷

ইপিনে, লকডাউন শিথিল হোৱাৰ লগে লগে যেন নিয়ম ভংগকাৰীৰ বিৰুদ্ধে নৰম হৈ পৰিছে আৰক্ষী–প্রশাসনে৷ প্রথম–দ্বিতীয় পর্যায়ৰ লকডাউনৰ সময়ত ঘৰৰ পৰা বাহিৰলৈ ওলোৱা লোকক আঁঠুকঢ়াই শাস্তি প্রদান কৰা আৰক্ষীয়েও নির্লিপ্ত ভূমিকা পালন কৰা দেখা গৈছে৷ সামাজিক দূৰত্ব নমনা, মাস্ক পৰিধান নকৰা ব্যক্তিৰ বিৰুদ্ধে মহানগৰীত আৰক্ষীয়ে বর্তমানপর্যন্ত ব্যৱস্থা নোলোৱাৰ অভিযোগ উত্থাপন হৈছে৷ আনকি নিশা ৯ বজাৰ পাছত সান্ধ্য আইন বলৱৎ হয় যদিও ৰাজপথত গাড়ী–মটৰৰ ভিৰ অব্যাহত আছে৷ নিশাপর্যন্ত ৰাজপথত চলি থাকে বাহন৷ ইয়াৰ বিৰুদ্ধে ব্যৱস্থা গ্রহণ কৰিবলৈ মহানগৰীত নাই আৰক্ষীৰ পর্যাপ্ত তালাচী ব্যৱস্থা৷

You might also like