নিয়মীয়া বাৰ্তা, ১৫ জুনঃ কোৱাৰেণ্টাইনত ৰখা লোকৰ সংস্পৰ্শলৈ আহি ক’ৰোনাত আক্ৰান্ত হ’ল এজন হোটেল কৰ্মচাৰী।
লখিমপুৰৰ এ এণ্ড এ-২ নামৰ হোটেলখনৰ কৰ্মচাৰী বিকাশ আলীয়ে (১৭) কোৱাৰেণ্টাইনত ৰখা লোকসকলক বিভিন্ন খাদ্য-সামগ্ৰীৰ যোগান ধৰি আহিছিল। কিন্তু কালি তেওঁৰ দেহত ক’ভিড-১৯ চিনাক্ত হোৱাত স্বাভাৱিকতে আতংকময় পৰিৱেশে বিৰাজ কৰা দেখা গৈছে অঞ্চলটোত।
উল্লেখ্য যে হোটেলখনত কোৱাৰেণ্টাইনত থকা এজন লোকৰ দেহত কেইদিনমান আগেয়ে ক’ভিড-১৯ ধৰা পৰিছিল।
এই ঘটনাই হোটেলৰ ওচৰে-পাঁজৰে থকা দোকান-পোহাৰসমূহলৈ আতংক নমাই আনিছে, কিয়োনো বিকাশ আলীয়ে প্ৰতিদিনে দোকানসমূহৰ পৰা নানা সামগ্ৰী ক্ৰয় কৰি কোৱাৰেণ্টাইনত ৰখা লোকসকলক যোগান ধৰিছিল। স্বাস্থ্য বিভাগে বিকাশ আলীৰ সংস্পৰ্শলৈ অহা লোকসকলক ছোৱাব পৰীক্ষা কৰিবলৈ আহ্বান জনাইছে।