নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জোনাইত আতংকঃ হোম কোৱাৰেন্টাইনত থকা একে পৰিয়ালৰ শিশুসহ ৬ জনৰ দেহত ক’ভিড-১৯

নিয়মীয়া বাৰ্তা ১৫ জুনঃ জোনাইত হোম কোৱাৰেন্টাইনত থকা আক্ৰান্তক লৈ আতংকিত জোনাইৰ ৰাইজ ৷ পুনৰ হোম কোৱাৰেন্টাইনত থকা ৬ জনৰ দেহত কভিড-১৯ অৱস্থিতি ধৰা পৰিছে জোনাইত ৷

জোনাই মহকুমাৰ ২ নং মূৰ্কংচেলেক (ৰিফিউজি কেম্প)ত হোম কোৱাৰেন্টাইনত ৰখা একে পৰিয়ালৰ ৰেজিয়া খাতুন, অহাত আলি, আনঞ্জুমা বেগম, আটিপ আলি,মাচুম বেগমৰ শৰীৰত কভিড-১৯ অৱস্থিতি পোৱা গৈছে ৷

উল্লেখ্য যে যোৱা ১৩ জুন ক’ৰোনা অৱস্থিতি ধৰা পৰা ফাতেমা (হাকিমা) খাতুনৰ সৈতে কেৰেলা পৰা অহা শিশুৰ দুজনৰ সৈতে আন ৭ জনক যোৱা ৮ জুনত ধেমাজিত ৰ ছোৱাব সংগ্ৰহ কৰি ৯ জুনত এখন মেজিকেৰে হোম কোৱাৰেন্টাইনত পঠাইছিল জোনাইৰ নিজ গৃহলৈ ৷

স্বাস্থ্য বিভাগে কভিড-১৯ আক্ৰান্ত ফাতেমা খাতুনৰ লগত সম্পৰ্ক থকা পুণৰ ৮ জনক ছোৱাব সংগ্ৰহ কৰি হোম কোৱাৰেন্টাইনত ৰাখিছিল৷ ইয়াৰে একে পৰিয়ালত আজি ৬ জনৰ দেহত কভিড-১৯ অৱস্থিতি ধৰা পৰিছে৷ ইয়াৰে এগৰাকী তেলাম নেপালী বস্তিৰ আৰু মেজিক চালজনক অনুসন্ধান কৰি থকা হৈছে ৷

জোনাই মহকুমাত হোম কোৱাৰেন্টাইন থকা লোকৰ ক’ৰনা ভাইৰাছত আক্ৰান্তৰ ঘটনা পোহৰলৈ অহাত জোনাইত চিন্তান্বিত হৈ পৰাৰ বিপৰীতে আতংকিত হৈ পৰিছে ৰাইজ। ইফালে ২ নং মুৰ্কংচেলেক চেলেক অঞ্চলৰ ৰেলৱে ষ্টেচন সমীপৰ (ৰিফিউজি কেম্প) জোনাইত প্ৰথমটো কন্টেইনমেইন জ’ন হিচাপে ঘোষণা কৰিছে বুলি জানিব পৰা গৈছে৷

উল্লেখ্য যে জোনাইত ক’ৰোনা আক্ৰান্ত সংখ্যা বৰ্তমানলৈকে ৪৭ জনলৈ বৃদ্ধি হৈছে বুলি জানিব পৰা গৈছে৷ কভিড-১৯ আক্ৰান্ত ছয়গৰাকীক ধেমাজি অসামৰিক চিকিৎসালয়লৈ প্ৰেৰন কৰিছে৷

You might also like