নিয়মীয়া বাৰ্তা, ১৫ জুনঃ নগাওঁ জিলাত আজি নতুনকৈ ১৬ জন লোক ক’ৰোনাত আক্রান্ত হৈছে। নগাওঁ জিলা স্বাস্থ্য বিভাগে আজি এই কথা নিশ্চিত কৰিছে। আজি লৈকে নগাওঁ জিলাত ক’ৰোনাত ৩৪৯ গৰাকী লোক আক্রান্ত হৈছে।
আজি নতুনকৈ অহা সকলৰ ভিতৰত সৰ্বাধিক আক্রান্ত হৈছে মহাৰাষ্ট্ৰৰ পৰা অহা নগাঁৱৰ লোক। আজি নতুনকৈ আক্রান্ত হোৱা ১৬ জনৰ ভিতৰত ১৪ জনেই অকল মহাৰাষ্ট্ৰৰ প্ৰতিদিনেই মহাৰাষ্ট্ৰৰ পৰা নগাঁৱলৈ অহা নগাঁৱৰ লোকৰ অধিকাংশই ক’ৰোনাত আক্রান্ত হোৱা কাৰ্যই নগঞা ৰাইজৰ শংকা বৃদ্ধি কৰিছে।
আজি সুস্থ হৈ উঠা ১৩ জন ক’ৰোনাত আক্রান্ত লোকক জিলা স্বাস্থ্য বিভাগে ঘৰলৈ যাবলৈ অনুমতি প্ৰদান কৰিছে। এই ১৩ জনকে লৈ নগাঁৱত আজি লৈকে ক’ৰোনাত আক্রান্ত হৈ সুস্থ হোৱা ১৩৪ জনক ঘৰলৈ যাব দিয়া হৈছে। আনহাতে আজি নগাঁৱলৈ বহিঃ ৰাজ্যৰ পৰা ১৬২ জন লোক আহিছে।
আজি তাৰিখত নগাঁৱৰ ৪৬ টা কোৱাৰেণ্টাইন কেন্দ্ৰত ১৬৫৩ গৰাকী লোক কোৱাৰেণ্টাইন হৈ আছে। আজি নগাওঁ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ৰ ক’ভিড হস্পিতালত ১১০ গৰাকী, কন্দলি আদৰ্শ চিকিৎসালয়ত ৩০ গৰাকী, উজৰা গাঁও আদৰ্শ চিকিৎসালয়ত ৪০ গৰাকী আৰু মোৱামাৰী আদৰ্শ চিকিৎসালয়ত ৪৫ গৰাকী সহ মুঠ ২২৫ গৰাকী ক’ভিড পজিটিভ ৰোগী চিকিৎসাধীন হৈ আছে।