নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চিৰাঙৰ হাবিত পুতি ৰখা বৃহৎ পৰিমাণৰ অস্ত্ৰ, গুলী আৰু গ্ৰেনেড উদ্ধাৰ

নিয়মীয়া বাৰ্তা, ১৫ জুনঃ চিৰাং জিলাৰ ৰুণিখাটা আৰক্ষী থানাৰ অন্তৰ্গত তথা ভূটান সীমান্তৱৰ্তী বনাঞ্চলত গাঁতত পুতি ৰখা অৱস্থাত বৃহৎ পৰিমাণৰ অস্ত্ৰ, গুলী আৰু গ্ৰেনেড উদ্ধাৰ হৈছে ।

চিৰাং আৰক্ষী,ভাৰতীয় সেনা, ৬ নং বাহিনী এছ এছ বি আৰু ২১০ ক’ব্ৰা বাহিনীৰ এটি যৌথ অভিযানকাৰী দলে জিলা খনত অবৈধ মাৰণাস্ত্ৰ আৰু বিস্ফোৰকৰ সন্ধানত বিগত ১২ দিন ধৰি চলোৱা নিছিদ্ৰ তালাচী অভিযানৰ ফলত এই সফলতা অৰ্জন কৰিবলৈ সক্ষম হয়।

চিৰাং আৰক্ষীৰ সূত্ৰই সংবাদ মাধ্যমক জানিবলৈ দিয়া মতে ৰুণিখাটা আৰক্ষী থানাৰ অন্তৰ্গত লালপথাৰৰ সমীপৱৰ্ত্তী ঘন অৰণ্যত পুতি ৰখা অৱস্থাত মেটেল ডিটেক্টৰৰ সহায়ত এই বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ সমূহ উদ্ধাৰ কৰে। উদ্ধাৰ কৰা মাৰণাস্ত্ৰ আৰু গুলী-গ্ৰেনেডৰ সংখ্যা ক্ৰমে- পিষ্টল-৭টা, ৰাইফল-৩টা, বেৰেল-১, গ্ৰেনেড-১৯২, আৰপিজি-১৪, পিষ্টল মেগজিন-২৮, এ কে চিৰিজ মেগজিন-১, এছ এল আৰ মেগজিন-২টা, ৭.৬২ মিঃমিঃ এছ এল আৰ গুলী-২০০জাঁই, ৭.৬২ মিঃ মিঃ এ কে চিৰিজ গুলী-১১৭ জাঁই, পইন্ট ২২ মিঃ মিঃ গুলী-১৫ জাঁই, ৫.৫৬ মিঃ মিঃ ইনছাছ গুলী-৮৫ জাঁই, ৭.৬২×২৫ মিঃ মিঃ গুলী-৫০ জাঁই, গুলীৰ খোলা-৯ টা আৰু বুলেট হেড-৪টা ।

আজিৰ এই সফলতাৰ পাছতো  বি টি আৰত আইন-শৃংখলা বজাই ৰাখি শান্তিৰ পৰিৱেশ অব্যাহত ৰখাৰ স্বাৰ্থত চিৰাং জিলাত অবৈধ মাৰণাস্ত্ৰৰ বিৰুদ্ধে অভিযান অব্যাহত থাকিব বুলিও চিৰাং আৰক্ষীৰ সূত্ৰই সংবাদ মাধ্যমক জানিবলৈ দিয়ে । বিগত সময়চোৱাত বিটিএডিত একাধিক  উগ্ৰপন্থী সংগঠনৰ কেইবাসহস্ৰ সদস্যই অস্ত্ৰ সম্বৰণ কৰি মূল সূঁতিলৈ প্ৰত্যাৱৰ্তন কৰিছিল।

বি টি আৰ চুক্তি স্বাক্ষৰ হোৱাৰ পিছত এন ডি এফ বিৰ আটাইকেইটা গোটেইও মূল সূঁতিলৈ প্ৰত্যাৱৰ্তন কৰিছে । ইমানৰ পিছতো বি টি আৰ(বিটিএডি)ত এইদৰে মাৰণাস্ত্ৰ উদ্ধাৰ হোৱা ঘটনাত সচেতন মহলে আশ্চৰ্য প্ৰকাশ কৰিছে ।।

You might also like