আঞ্চলিক চামগুৰিৰ আমবাগানত অবৈধ কাঠ মিল আৰু বৰজুৰিত চোৰাং কাঠ জব্দ By নিয়মীয়া বাৰ্তা On Jun 15, 2020 Share নিয়মীয়া বাৰ্তা, ১৫ জুনঃ নগাওঁ জিলাৰ শালনা বনাঞ্চলিক কাৰ্যালয়ৰ অন্তৰ্গত মোৱামাৰী অঞ্চলত যোৱা শনিবাৰে নিশা বৰজুৰি অঞ্চলৰ পৰা চোৰাংকাঠ বেপাৰীয়ে এএছ ০২ ই ৩০৫৯ নম্বৰৰ এখন টাটা মোবাইল গাড়ীত চোৰাং কাঠ আনি থকা অৱস্থাত মোৱামাৰী আৰক্ষীয়ে জব্দ কৰাৰ পাছত পুনৰ যোৱা নিশা শালনা বন বিভাগৰ লোকে অভিযান চলাই বৰজুৰিত চোৰাং কাঠ জব্দ কৰিবলৈ সক্ষম হয় ৷ জানিব পৰা মতে শালনা বনাঞ্চিল বিষয়া নেপাল মণ্ডলৰ নেতৃত্বত আৰু বন পালক প্ৰনৱ বৰাৰ সহ এটা বন কৰ্মীৰ দলে যোৱা নিশা প্ৰায় ১১–৩০ মান বজাত এক গোপন সুত্ৰৰ পম খেদি বৰজুৰি অঞ্চলত অভিযান চলাই ১৪ টা মূল্যবান চোৰাং কাঠৰ ফান্ট্ৰা জব্দ কৰিবলৈ সক্ষম হয় ৷কাৰ্বি আংলং জিলাৰ পাৰ্কুপ পাহাৰ বনাঞ্চলিক কাৰ্যালয়ৰ অধীনৰ বৰজুৰি খণ্ড বন বিষয়া কাৰ্যালয়ৰ অন্তৰ্গত অঞ্চলৰ পৰা চোৰাং কাঠ খিনি সৰবৰাহ কৰি বৰজুৰি অঞ্চলত মজুত কৰি ৰাখিছিল বুলি বন বিভাগে জানিবলৈ দিয়ে ৷ আনহাতে আজি পুৱা শালনা বন বিভাগে আমবাগান অঞ্চলত অবৈধ কাঠ ফলা মিলৰ বিৰুদ্ধে অভিযান চলাই নিতাই মণ্ডল নামৰ লোক জনৰ অবৈধ কাঠ ফলা মিলটোৰ যন্ত্ৰাংশ সমুহ জব্দ কৰে ৷বন বিভাগৰ লোকে জব্দ কৰা কাঠ মিলটোৰ যন্ত্ৰাংশ সমুহ খেৰৰ মেজিৰ তলত লুকুৱাই ৰাখিছিল বুলি বন বিভাৰ এক সুত্ৰই জানিবলৈ দিয়াৰ লগতে জব্দ কৰা চোৰাং কাঠ খিনি আৰু অবৈধ কাঠমিলটোৰ যন্ত্ৰাংশ সমুহ শালনা বনাঞ্চলিক কাৰ্যালয়ত আছে বুলি জানিব পৰা গৈছে ৷ Share