জালুকবাৰী সমষ্টিৰ বেজেৰা মণ্ডলত ড০ হিমন্ত বিশ্ব শৰ্মাৰ আৰোগ্য কামনাৰে প্ৰাৰ্থনা
নিয়মীয়া বাৰ্তা, ১৫ জুনঃ যোৱা কালি হঠাতে অসম চৰকাৰৰ স্বাস্থ্য মন্ত্ৰী তথা জালুকবাৰী বিধান সভা সমষ্টিৰ স্থানীয় বিধায়ক ড০ হিমন্ত বিশ্ব শৰ্মা অসুস্থ হৈ গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি হয়।
চিকিৎসালয়ৰ চিকিৎসক সকলে মন্ত্রী জনৰ পেটৰ প্রচণ্ড বিষৰ বিষয়ে জানি চনোগ্ৰাফী কৰোতে কিডনিৰ ওচৰত ৩.৭৬ মিঃ মিটাৰ আকাৰৰ ষ্ট’নৰ উপস্থিতি নিশ্চিত কৰে। লগে লগে চিকিৎসকে মন্ত্রী ড০ শর্মাক চেলাইন ইনজেকচন আদি দিয়াৰ উপৰিও প্রয়োজনীয় চিকিৎসা সেৱা আগবঢ়াই চিকিৎসালয়ৰ পৰা অব্যাহতি দিয়ে। লগতে চিকিৎসকে মন্ত্রী ড০ শর্মাক কিছু দিন জিৰণি লবলৈ পৰামৰ্শ প্ৰদান কৰে।
উল্লেখ্য যে বিগত দুই তিনি মাহ ধৰি দেশত দেখা দিয়া ভয়াৱহ মহামাৰী ক’ৰণা প্রতিৰোধ কৰিবলৈ আমাৰ ৰাজ্য খনত স্বাস্থ্য মন্ত্রী জনে জিৰণি বিহীন ভাৱে কাম কৰি আহিছে। ক’ৰণা প্রতিৰোধ সংক্ৰান্তত মন্ত্রী ড০ শর্মাই এদিনতে ডিব্ৰুগড়ৰ পৰা বৰপেটা, ধুবুৰীৰ পৰা ডিফুলৈ অবিশ্ৰান্ত ভাবত পৰিদৰ্শন কৰি ৰাজ্য খনৰ সকলো শ্রেণীৰ স্বাস্থ্য কৰ্মীক এই মহামাৰী প্রতিৰোধ সংক্ৰান্তত যুদ্ধংদেহী মনোভাৱ সৃষ্টি কৰিবলৈ সমৰ্থ হৈছিল। যাৰ বাবে আমাৰ ৰাজ্য খনত বৰ্তমান সময়লৈকে এই ক’ৰণা মহামাৰীয়ে প্রয়োজনাধিক ভাৱত অগ্ৰসৰ হব পৰা নাই।
যাৰ ফলস্বৰূপে ডঃ শর্মাই নিজৰ শৰীৰৰ প্রতি কোনো ধৰণৰ বিশেষ সুৰক্ষাৰ প্রতি নজৰ নিদিয়াৰ উপৰিও খোৱা লোৱাৰ ক্ষেত্ৰতো বিশেষ গুৰুত্ব অৰ্পন নকৰাৰ ফলত স্বাস্থ্য মন্ত্রী জনে এনে অসুখত ভুগিব লগীয়া হৈছে বুলি চিকিৎসকৰ দলে ব্যাক্ত কৰিছে। আনহাতে স্বাস্থ্য মন্ত্রী জনৰ শাৰীৰিক অসুস্থতাৰ খবৰ বিয়পি পৰাৰ লগে সমগ্ৰ ৰাজ্য খনৰ উপৰিও বিশেষকৈ জালুকবাৰী বিধান সভা সমষ্টিৰ সকলো ঠাইতে এক আতংকময় পৰিবেশৰ সৃষ্টি হয়।
যাৰ বাবে সমষ্টিৰ প্রতিটো অঞ্চলৰ মণ্ডিৰ ,মছজিদ ,গীৰ্জা সকলোতে নিজৰ নিজৰ ধৰ্মীয় নীতি নিয়মৰ মাজেৰে মন্ত্রী শর্মাৰ আশু আৰোগ্য কামনা কৰে।
আনহাতে আজি বিজেপি বেজেৰা মণ্ডলৰ সভাপতি দিলীপ ডেকাৰ নিৰ্দেশমৰ্মে স্বাস্থ্য মন্ত্রী তথা স্থানীয় বিধায়ক জনৰ আশু আৰোগ্য কামনাৰে সন্ধিয়া বেজেৰা,আগডলা আৰু মান্দাকাটা পঞ্চায়তত প্ৰতি ঘৰে বন্তি প্ৰজ্বলন কৰাৰ লগতে মন্দিৰ, নাম ঘৰত শৰাই আগবঢ়াই। আনহাতে ঐতিহ্যমণ্ডিত গোপেশ্বৰ দেৱালয়ত বন্তি জ্বলোৱা হয়।
ইয়াৰোপৰি বেজেৰা নিকটৱৰ্তী বৰপলহা বুঢ়াগোসাই নামঘৰত সমজুৱা ভাবে বন্তি প্ৰজ্বলনৰ লগতে নৈবদ্য আগবঢ়াই স্বাস্থ্য মন্ত্ৰী জনৰ তৎকালে আৰোগ্য লাভৰ কামনাৰে নেদেখা জনৰ ওছৰত সমুহীয়া প্রার্থনাৰ আয়োজন কৰা হয় । ইয়াত ভাৰতীয় জনতা পাৰ্টীৰ গুৱাহাটী মহানগৰ জিলা সমিতিৰ সম্পাদক ৰমণী মোহন ডেকা,বেজেৰা মণ্ডলৰ সভাপতি দিলীপ ডেকা, আগডলা পঞ্চায়তৰ সভাপতি তিলক শৰ্মা, আঞ্চলিক সদস্য মনোজ কাকতিসহ প্ৰায় শতাধিক লোক উপস্থিত থাকে।