পাইপ লাইন বহুওৱাৰ অচিলাৰে ইতিহাসপ্রসিদ্ধ গড়ত চলিল বুলডজাৰ
নিয়মীয়া বাৰ্তা ১৬ জুনঃ বাঘজান কাণ্ডই সমগ্র ৰাজ্য জোকাৰি যোৱাৰ সময়ত এইবাৰ নুমলীগড়ত অইলৰ হাতোৰা৷ ইতিহাসপ্রসিদ্ধ নুমলীগড়ত ওপৰত চকু অইলৰ৷ গোলাঘাট জিলাৰ বোকাখাত মহকুমাৰ নুমলীগডৰ নুমলী কুঁৱৰীৰ স্মৃতিবিজডিত ইতিহাসপ্রসিদ্ধ নুমলীগডত এইবাৰ ‘গড়’ ধ্বংসত নামিল অইল ইণ্ডিয়া লিমিটেড৷ কছাৰী ৰাজত্বকালত ইটা আৰু মাটিৰে নির্মাণ কৰা গড়টো একাংশ অনা–সমীয়া ব্যৱসায়ী আৰু নুমলীগড় চাহবাগিচা কর্তৃপক্ষৰ অবাধ বেদখলৰ পৰিপ্রেক্ষিতত অস্তিত্ব বিপন্ন হৈ অহাৰ সময়তে ৩৯নং আৰু ৩৭নং ৰাষ্ট্রীয় ঘাইপথৰ নুমলীগড় তিনিআলিৰ সমীপত এতিয়াও বাকী ৰোৱা গডটোৰ অৱশিষ্ট অংশত পাইপলাইন বহুওৱাৰ নামত অইল ইণ্ডিয়াইবুলডজাৰ চলোৱাক লৈ তীব্র প্রতিক্রিয়াৰ সৃষ্টি হৈছে৷ গডটোৰ এক বৃহৎ অংশ অইল কর্তৃপক্ষই ধ্বংস কৰি পাইপলাইন বহুওৱাৰ কাম অব্যাহত ৰখাত ক্ষুব্ধ হৈ পৰা নুমলীগড় আঞ্চলিক ছাত্র সন্থা, আটছাৰ নুমলীগড শাখা, অসম জাতীয়তাবাদী যুৱ–ছাত্র পৰিষদৰ নুমলীগড় আঞ্চলিক সমিতি, সাংবাদিক সন্থা, মৰঙী প্রেছ ক্লাবকে ধৰি বিভিন্ন সংগঠনে প্রতিষ্ঠানটোৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে৷ ছাত্র সন্থাই বোকাখাত মহকুমা প্রশাসনক এইক্ষেত্রত গড় ধ্বংস বন্ধ কৰিবলৈ স্মাৰক–পত্র প্রদান কৰিছে৷
উল্লেখ্য যে গড়টো খনন কৰাৰ পৰিৱর্তে সমীপৰ বাগিচাৰ কাষেৰে পাইপ লাইন বহুওৱাৰ স্থল আছিল যদিও অইল কর্তৃপক্ষই তাকে নকৰি গড় ধ্বংস কৰাত নামি পৰা কার্যই প্রতিষ্ঠানটোৰ দায়িত্বজ্ঞানহীনতাকে প্রতীয়মান কৰিছে৷ বিভিন্ন দল–সংগঠনে নুমলীগড় সংৰক্ষণৰ অর্থে বিভিন্ন সময়ত দাবী জনাই আহিছে যদিও ৰাজ্যৰ পুৰাতত্ত্ব বিভাগ আৰু প্রশাসনৰ গুৰুত্বহীনতাৰ বাবেই গডটো সম্প্রতি নিঃশেষ হোৱাৰ উপক্রম হৈছে৷ তাই–আহোম ছাত্র সন্থা আৰু লাচিত সেনাই বিগত সময়ত গড়টো সংৰক্ষণ কৰিবলৈ দাবী জনাই আন্দোলনৰ কার্যসূচীও গ্রহণ কৰিছিল৷ চৰকাৰৰ অৱহেলাৰ বিপৰীতে গোলাঘাটৰ তদানীন্তন আৰক্ষী অধীক্ষক অমৰেন্দ্র বৰগোহাঁয়ে গড়টো সংৰক্ষণৰ বাবে স্থানীয় ৰাইজৰ সহযোগত এক আঁচনি গ্রহণ কৰিছিল যদিও বিষয়াগৰাকীৰ বদলিৰ পৰিপ্রেক্ষিতত সেই আঁচনিও অসম্পূর্ণ হৈ ৰ’ল৷ গড়টোৰ উপৰি নুমলীগড় চাহ বাগিচাৰ ভিতৰত কছাৰী ৰাজত্বকালৰ বহু সমল এতিয়াও পৰি ৰৈছে যদিও সেয়া সংৰক্ষণৰ কোনো ব্যৱস্থাই গ্রহণ কৰা নাই পুৰাতত্ত্ব বিভাগে৷ প্রাকৃতিক সম্পদেৰে ভৰপূৰ দেওপাহাৰৰ নামনিতো এনে বহু সমলে অঞ্চলটোৰ ঐতিহাসিক গুৰুত্ব বহুগুণে বৃদ্ধি কৰি আহিছে৷ এনে প্রেক্ষাপটত বুৰঞ্জীপ্রসিদ্ধ নুমলীগড় ধ্বংসৰ ক্ষেত্রত প্রশাসনে শীঘ্রে অইল কর্তৃপক্ষৰ বিৰুদ্ধে ব্যৱস্থা গ্রহণ কৰিবলৈ দল–সংগঠন তথা জনসাধাৰণে দাবী জনাইছে৷
ইফালে, সোমবাৰে পুৱাই আছু, আটছা আৰু অসম জাতীয়তাবাদী যুৱ–ছাত্র পৰিষদৰ নুমলীগড় আঞ্চলিক সমিতিয়ে অইল ইণ্ডিয়াই খনন কৰা গড়টোৰ কাষৰ ৩৭নং ৰাষ্ট্রীয় ঘাইপথত হাতে হাতে বেনাৰ, প্লেকার্ড লৈ মুখত মাস্ক পৰিধানেৰে সামাজিক দূৰত্ব বজাই তীব্র প্রতিবাদ সাব্যস্ত কৰে৷ অইল ইণ্ডিয়া গ’ বেক, নুমলীগডৰ ধবংস নচলিব, পুৰাতত্ত্ব বিভাগ হুচিয়াৰ, গোলাঘাট প্রশাসন হুচিয়াৰ আদি শ্লোগান দি তীব্র প্রতিবাদ সাব্যস্ত কৰে৷ শীঘ্রেই অইলে খনন কৰা অংশ পুনৰ নির্মাণ কৰাৰ দাবী কৰে প্রতিবাদকাৰীসকলে৷ ইয়াৰ উপৰি নুমলীগডৰ অবৈধ বেদখল উচ্ছেদ কৰি গড়টো সংৰক্ষণৰ বাবে চৰকাৰক ব্যৱস্থা গ্রহণৰ দাবী কৰে৷ অন্যথা সমূহ জাতীয় দল–সংগঠনে জংগী আন্দোলনৰ ধাৰাবাহিক কার্যসূচী গ্রহণ কৰিব বুলি সকলো পক্ষকে সকীয়াই দিয়ে৷