মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাক ফেচবুকত কটু মন্তব্য দি গ্রেপ্তাৰ ২
যুৱ কংগ্রেছ–ছাত্র মুক্তিৰ নেতাৰ বিকৃত ৰুচি
নিয়মীয়া বাৰ্তা ১৬ জুনঃ ৰাজ্যৰ বিত্ত, শিক্ষা আৰু স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ অসুস্থতা সন্দর্ভত টুলুঙা মন্তব্য আৰু এই অসুখ পাপৰ ফলত হোৱা বুলি ছ’চিয়েল মিডিয়াত পোষ্ট দি সোমবাৰৰ গ্রেপ্তাৰ হ’ল বিশ্বনাথৰ বিতর্কিত যুৱ কংগ্রেছী নিত্যানন্দ দাস৷ সততেই বিতর্কৰ আৱর্তত থকা তথা বিশ্বনাথ জিলা যুৱ কংগ্রেছৰ কার্যালয়ৰ সন্মুখত হোটেলৰ ব্যৱসায় কৰা যুৱ কংগ্রেছী নিত্যানন্দ দাসে নিজৰ ফেচবুক একাউণ্টত স্বাস্থ্যমন্ত্রী ড০ শর্মাৰ শেহতীয়া অসুস্থতাক পাপৰ ফল বুলি পোষ্ট দিছিল৷ সোমবাৰে দিনৰ ১২ মান বজাত বিশ্বনাথ চাৰিআলি আৰক্ষীৰ এটা দলে বিতর্কিত যুৱ কংগ্রেছী গৰাকীক তেওঁৰ ব্যৱসায় প্রতিষ্ঠান বাইদেউ হোটেলৰ পৰাই গ্রেপ্তাৰ কৰি বিশ্বনাথ চাৰিআলি থানালৈ নিয়ে৷ বাতৰি লিখা পৰলৈকে সোধা–পোছা অব্যাহত থকা যুৱ কংগ্রেছীগৰাকীৰ বিৰুদ্ধে বিশ্বনাথ চাৰিআলি থানাত ইতিমধ্যে এটা গোচৰ পঞ্জীয়ন হৈছে৷ আনহাতে, ছাত্র মুক্তি সংগ্রাম সমিতিৰ বিহালী আঞ্চলিক সমিতিৰ সম্পাদক অনিল বণিয়াক গ্রেপ্তাৰ কৰা হয়৷ তেওঁক মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ শাৰীৰিক অসুস্থতা সম্পর্কত কটু মন্তব্য কৰা বাবে বিহালীৰ ৰাংচালীৰ নিজা গৃহৰ পৰা গ্রেপ্তাৰ কৰে বিহালী আৰক্ষীয়ে৷ হঠাৎ অসুস্থ হৈ পৰা মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ বিৰুদ্ধে ফেচবুকত বিৰূপ মন্তব্য কৰিছিল অনিলে৷ অসুস্থ মন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ মৃত্যু হওক বুলি ফেচবুকত দিয়া পোষ্টটো ভাইৰেল হৈ পৰিছিল৷
উল্লেখ্য যে দেওবাৰে হঠাৎ অসুস্থ হৈ পৰিছিল মন্ত্রী হিমন্ত বিশ্ব শর্মা৷ গুৱাহাটী মেডিকেল কলেজ হাস্পতালত পৰীক্ষা কৰাৰ অন্তত কিডনীত পাত্থৰ হোৱাৰ তথ্য পোহৰলৈ আহিছিল৷ ৰাজ্যৰ বহুজনে মন্ত্রীগৰাকীৰ আশু আৰোগ্য কামনা কৰাৰ বিপৰীতে অনিল বণিয়াই মন্ত্রীগৰাকীৰ মৃত্যু হওক বুলি শাওপাত দিছিল৷ বিহালীৰ বিধায়ক তথা মন্ত্রী ৰঞ্জিত দত্তই এই ঘটনাৰ তীব্র নিন্দা কৰাৰ লগতে আইনগত ব্যৱস্থা লৈ উচিত শাস্তি প্রদান কৰা হ’ববুলি মন্তব্য কৰে৷ আনহাতে ‘কা’ আন্দোলৰ সময়ত মন্ত্রীগৰাকীয়ে ৫ জনকৈ নিৰীহ অসমীয়াক হত্যা কৰাৰ অভিযোগ তুলি তেওঁলোকৰ আত্মাৰ চিৰশান্তিৰ বাবে মন্ত্রীগৰাকীৰ মৃত্যু হোৱাটো বিচাৰে বুলি মন্তব্য কৰে অনিল বণিয়াই৷