নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দৰঙত আলফা সদস্যক ট্রেক্টৰ আৰক্ষী সঞ্চালকপ্রধানৰ

নিয়মীয়া বাৰ্তা ১৬ জুনঃ দৰঙত অস্ত্র এৰি নাঙলৰ মুঠিত ধৰা আলফালৈ সোমবাৰে ট্ৰেক্টৰ বিতৰণ কৰিলে ৰাজ্যৰ আৰক্ষী সঞ্চালকপ্রধান ভাস্কৰজ্যোতি মহন্তসহ মঙলদৈৰ বিধায়ক আৰু আৰক্ষী উপ–মহাপৰিদর্শক জেনজিৎ সিন্হাসহ উপ–মহাপৰিদর্শক হীৰেন নাথে৷ আৰক্ষীৰ শীর্ষ বিষয়াৰ দলটোৱে পোনতে মহলীয়াপাৰা আৰু পিছলৈ ৰামহৰিত উপস্থিত হৈ আলফাৰ বৃহৎ দলক উৎসাহিত কৰে৷ লক্ষণীয় যে আইন–শৃংখলাৰ পৰা সামান্য আঁতৰি আৰক্ষী সঞ্চালক মহন্তক টেক্টৰচালকৰ ৰূপত প্রত্যক্ষ কৰা হয়৷ মহন্তক সংগ দিলে মঙলদৈৰ বিধায়ক গুৰুজ্যোতি দাস, আই জি পি হীৰেন নাথ আৰু ডি আই জি জেনজিৎ সিন্হাই৷ যুদ্ধিবৰত আলফাৰ সদস্য আৰু তেওঁলোকৰ পৰিয়ালৰ লোকসকলে স্বাৱলম্বী হ’লৈ বিভিন্ন পদক্ষেপ লৈছে৷DAST-R নামেৰে গঠন হোৱা সংগঠনটোৱে দৰং জিলাৰ ৰামহৰি, মহলীয়া পাৰা, চমুৱাপাৰাকে ধৰি বিভিন্ন স্থানত জৈৱিক খেতি কৰি নিজকে স্বাৱলম্বী কৰাৰ চেষ্টা কৰি আছে৷ অসম চৰকাৰৰ গৃহ বিভাগৰ অধীনস্থ স্বাৱলম্বন আঁচনিৰ দ্বাৰা পৰিচালিত হৈ আছে এইDAST-R নামৰ সংস্থাটো৷ সোমবাৰে এই সংস্থাটোৰ ঠাইসমূহ পর্যেবক্ষণ কৰি এটা গৃহ মুকলি কৰাৰ লগতে তিনিখনকৈ ট্ৰেক্টৰ প্রদান কৰে৷

You might also like