নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জিৰণিৰ সময়তো থমকি ৰোৱা নাই স্বাস্থ্যমন্ত্ৰী; হাতত চেলাইন লৈয়ে কৰি গৈছে বহু গুৰুত্বপূৰ্ণ কাম

নিয়মীয়া বাৰ্তা, ১৬ জুনঃ কিডনী ষ্ট’নত আক্রান্ত হৈ দেওবাৰৰ পৰা চিকিৎসা গ্রহণ কৰি বিশ্রামত থকা স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা ক্রমাৎ সুস্থ হৈ উঠিছে৷ সোমবাৰে দিনটো বিশ্রামত থকাৰ পিছত আজিৰে পৰা তেওঁ পুনৰ স্বাভাৱিকভাৱে চলা–ফুৰা কৰিব পৰাৰ আশা কৰা হৈছে৷

চিকিসৎকৰ পৰামৰ্শ অনুসৰি ঘৰতে জিৰণি লৈছে স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই । অসহ্য পেটৰ বিষ উপষমৰ বাবে ড০ শৰ্মাক দিয়া হৈছে চেলাইন । কিন্তু হাতত চেলাইনৰ পাইপ লাগি থাকোতেও থমকি ৰোৱা নাই স্বাস্থ্যমন্ত্ৰীগৰাকী ।

ৰাজ্যৰ ক’ভিড বিৰোধী যুঁজখন অবিৰত ভাৱে চলাই লৈ যোৱাৰ বাবে হাতত চেলাইন লৈয়ে কৰি গৈছে বহু গুৰুত্বপূৰ্ণ ফাইলৰ কাম ।

এইদৰে সোমবাৰৰ দিনটোত বিছনাত বহি হাতত চেলাইন লৈয়ে কাৰ্যালয়ৰ বহু গুৰুত্বপূৰ্ণ কাম কৰে স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে ।

সম্প্ৰতি ছ’চিয়েল মিডিয়াতো ভাইৰেল হৈছে স্বাস্থ্যমন্ত্ৰী ড০ শৰ্মাৰ কৰ্মনিস্থাৰ এই ফটোখন ।

গুৱাহাটী মেডিকেল কলেজ হাস্পতালৰ অধীক্ষক ডাঃ অভিজিৎ শর্মাই সংবাদ মাধ্যমৰ আগত প্রকাশ কৰা অনুসৰি, তেওঁৰ কোনো অপাৰেচনৰ প্রয়োজন নাই যদিও কিডনীত জমা হোৱা পাথৰ উলিয়াবৰ বাবে দৰব দিয়া হৈছে৷

You might also like