নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নিশাটোৰ ভিতৰতে গঢ়ি উঠিছে এখন দৈনিক বজাৰ; নাই কোনো সামাজিক দূৰত্ব-নাই মাস্ক

নিয়মীয়া বাৰ্তা, ১৬ জুনঃ ৰাজ্যত ক’ৰোনা আক্ৰান্তৰ সংখ্যা দিনকদিনে বৃদ্ধি পাই আহিছে যদিও আজিও মৰিগাঁৱত সজাগ সচেতন নহয় একাংশ জনসাধাৰণ ৷

আনহাতে নীতি বৰ্হিভূত ভাৱে নিশাটোৰ ভিতৰত গঢ়ি উঠিল এখন বজাৰ ৷

মৰিগাঁও জিলাৰ পূৱ প্ৰান্তত অৱস্থিত সাতগাওঁ তিনিআলিত চৰকাৰী অনুমতি অবিহনে নিশাটোৰ ভিতৰতে গঢ়ি উঠিছে এখন দৈনিক বজাৰ| ৰাজ্য চৰকাৰে বাৰে বাৰে জনসাধাৰণক আহ্বান জনোৱা স্বতেও একাংশ লোকে সামাজিক দুৰত্বক ধোঁৱা চাঙত তুলি ভিৰ কৰিছেহি বজাৰত ।

যিহেতু চৰকাৰী নিৰ্দেশ অনুযায়ী মহামাৰী কৰোনাক প্ৰতিহত কৰিবলৈ সকলো লোকে মাস্ক পৰিধান কৰাতো বাধ্যতামূলক| কিন্তু এই বজাৰখনৰ ক্ৰেতা বিক্ৰেতাৰ মাজত অধিকাংশই পৰিধান নকৰে মাস্ক ।

আনহাতে সুযোগ বুজি চৰকাৰী মীন আইন উলংঘা কৰি একাংশ মৎস্য ব্যৱসায়ীয়ে থলুৱা কণীযুক্ত মাছ বিক্ৰী কৰাৰ লগতে গ্ৰাহকৰ পৰা অত্যাধিক মূল্যত বিভিন্ন ধৰনৰ মাছ বিক্ৰী কৰি গ্ৰাহকক ৰাম টাঙোন খোধাইছে ।লকডাউনৰ সুযোগ লৈ গ্ৰাহকৰ মুৰত ৰাম টাঙোন খোধাইছে একাংশ ব্যৱসায়ীয়ে ।

উল্লেখ যে নগাঁও-মৰিগাঁও সংযোগী পথৰ দাঁতিতে এই বজাৰখন আৰম্ভ হোৱাক কেন্দ্ৰ কৰি তিনিআলিটোত যানযাটৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে । সকলো দেখি শুনিও নিৰ্বিকাৰ ভূমিকা পালন কৰিছে আৰক্ষী তথা সংশিষ্ট বিভাগৰ কতৃপক্ষই ।অনাগত সময়ত যদি প্ৰশাসনে ব্যৱস্থা গ্ৰহণ নকৰে তেন্তে গন সংক্ৰমণ হোৱাতো প্ৰায় নিশ্চিত ।

You might also like