নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

জাগীৰোডতো বিজেপি জনসম্পৰ্ক অভিযানঃ বিজেপিৰ ৰাজ্যিক উপসভাপতি প্ৰদীপ ঠাকুৰীয়াৰ অংশগ্ৰহণ

নিয়মীয়া বাৰ্তা,  ১৬ জুনঃ ক’ৰোনাৰ আতংকৰ মাজতে জাগীৰোডত চলিছে বিজেপিৰ জনসম্পৰ্ক অভিযান ৷ এই উদ্দেশ্যে মঙলবাৰে জাগীৰোডত এখন সংবাদমেল অনুষ্ঠিত কৰে বিজেপিয়ে ।

ভাৰতৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন ভাৰত চৰকাৰৰ দ্বিতীয় কাৰ্যকালৰ প্ৰথম বৰ্ষপূৰ্তি আৰু সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন অসম চৰকাৰৰ চতুৰ্থ বৰ্ষপূৰ্তি উপলক্ষে ৰাজ্যজুৰি বিজেপিয়ে চলাইছে এই জনসম্পৰ্ক অভিযান । এই অভিযান একেলগে চলিছে অসমৰ ১২৬ টা বিধানসভা সমষ্টিত ।

আজি কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰৰ জনকল্যাণমূলক আঁচনি সমূহৰ সম্পৰ্কত বক্তব্য দাঙি ধৰে বিজেপি অসম প্ৰদেশৰ ৰাজ্যিক উপ সভাপতি প্ৰদীপ ঠাকুৰীয়াই ।

ইফালে আগন্তুক বিধানসভা নিৰ্বাচনত বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ দলে অসমত এশৰো অধিক আসন লাভ কৰিব বুলি নিশ্চিতি প্ৰদান কৰে ৷ এই সংবাদ মেলতে কংগ্ৰেছক কঠোৰ ভাষাৰে সমালোচনা কৰে বিজেপিয়ে ৷

ক’ৰোনা কালত কংগ্ৰেছে ৰাজনীতি কৰাৰ অভিযোগ বিজেপি অসম প্ৰদেশৰ ৰাজ্যিক উপ সভাপতি প্ৰদীপ ঠাকুৰীয়াৰ ৷ সংবাদ মেল সম্বোধনৰ পিচতে প্ৰদীপ ঠাকুৰীয়াই জাগীৰোড সমষ্টিৰ অন্তৰ্গত দেওঁশাল পঞ্চায়তৰ কেইবা ঘৰ লোকৰ ঘৰত উপস্থিত হৈ বিজেপি দলৰ লক্ষ্য আৰু উদ্দেশ্যৰ বিষয়ে অৱগত কৰে। এই জনসম্পৰ্ক অভিযানৰ সময়ত মৰিগাঁও জিলা বিজেপিৰ সভাপতি প্ৰবীন মেধি, জাগীৰোড মণ্ডল বিজেপিৰ সভাপতি প্ৰবীণ ডেকা, জাগীৰোড উন্নয়ন প্ৰাধিকৰণৰ সভাপতি দিব্যজ্যোতি নেওগ, মৰিগাঁও জিলা বিজেপিৰ সম্পাদক ৰাম প্ৰসাদ চৰকাৰ, মৰিগাঁও জিলা বিজেপি অনুসূচিত মৰ্চাৰ সভাপতি বাবুল কৰ্মকাৰ আদি উপস্থিত থাকে।

You might also like