নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দিল্লীৰ পৰা  অহা ঢকুৱাখনাৰ দম্পতী কভিড-১৯ ত আক্ৰান্ত

নিয়মীয়া বাৰ্তা, ১৬ জুনঃ লখিমপুৰ জিলা ঢকুৱাখনা মহকুমা অন্তৰ্গত উত্তৰ ঢকুৱাখনা পঞ্চায়ত বৰটেঙানী গাঁৱত দিল্লী পৰা আহি হোম কোৱাইনটেইন হৈ থকা অৱস্থাত এটি পৰিয়ালৰ স্বামী -স্ত্ৰী ক’ভিড-১৯ আক্ৰান্ত হোৱাৰ খবৰটো বিয়পি পৰাৰ পাছত সমগ্ৰ অঞ্চলটো উত্তেজনা ই বিৰাজ কৰিছে ।

তথ্য অনুসৰি গাওঁ খনৰ বৰটেঙানী গাঁৱৰ ব্ৰজেন চাংমাই আৰু দীপাঞ্জলী চাংমাই দুটি সন্তান সহ যোৱা ১৩ জুনত দিল্লী পৰা বিমান যোগে ডিব্ৰুগড় ত উপস্থিত হয়। ডিব্ৰুগড় পৰা লখিমপুৰ জিলা প্ৰশাসনে পৰিয়ালটিক চমজি লৈ স্বোৱাব পৰীক্ষা বাবে নমুনা সংগ্ৰহ কৰি পৰিয়ালৰ মাজত শিশুৰ থকাৰ বাবে হোম কোৱাৰেন্টাইন ত থাকিবও বাবে পৰামৰ্শ দিলে আৰু সেই অনুসৰি দিল্লী ফেৰৎ পৰিয়ালটিয়ে নিজা ব্যবস্থাৰে উক্ত নিশা নিজ গৃহত উপস্থিত হৈ হোম কোৱাৰেন্টাইন বিধি অনুসৰি আশ্ৰয় লয় ।

লখিমপুৰৰ জিলা স্বাস্থ্য বিভাগৰ হাতত উক্ত পৰিয়ালটি পৰীক্ষা ফলাফল পজিটিভ ওলোৱা ত ১৫ জুন নিশা পৰিয়ালটিক চাৰিওজন সদস্যক জিলা খনৰ বগীনদীত স্থাপন কৰা চিকিৎসালয়ৰ উন্নত চিকিৎসাৰ বাবে ভত্তি কৰায়। অবশ্যে পৰিয়ালৰ এঘাৰ আৰু আঠ বছৰীয়া নাবালক সন্তান দুটিৰ ফলাফল নিগেটিভ যদিও স্বাস্থ্য বিভাগে দুইজনকে কোৱাৰেন্টাইন কেন্দ্ৰত ৰখা ব্যৱস্থা কৰা হৈছে বুলি স্থানীয় ৰাইজে সাংবাদিক জানিবলৈ দিছে ।

You might also like