কর্ণাটকত ক’ৰোনা ৰোগীৰ এম্বুলেঞ্চলৈ শিল নিক্ষেপ
নিয়মীয়া বাৰ্তা, ১৭ জুনঃ কর্ণাটকৰ কমলাপুৰ তালুকৰ মাৰমানছি তাণ্ডাত ১৫গৰাকী ক’ভিড–১৯ আক্রান্ত ৰোগীক কঢ়িওৱা এম্বুলেঞ্চ আৰু স্বাস্থ্য বিভাগৰ কর্মীৰ গাড়ীত শিল নিক্ষেপ কৰা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ উল্লেখিত গাঁওখনৰ পৰা ক’ভিড–১৯ আক্রান্ত ৰোগীকেইজনক স্বাস্থ্য বিভাগে এছক’ট দি এম্বুলেঞ্চেৰে হাস্পতাললৈ নি থকাৰ মুহূর্ততে একাংশ গাঁওবাসীয়ে শিল নিক্ষেপ কৰে৷ উল্লেখ্য যে এম্বুলেঞ্চ আৰু স্বাস্থ্য বিভাগৰ গাড়ী গাঁওখনত প্রৱেশ কৰাৰ পিছতেই একাংশ লোকৰ সৈতে বাক্–বিতণ্ডাত লিপ্ত হ’বলগীয়া হয় স্বাস্থ্য বিভাগৰ কর্মী৷ ই এনে পর্যায় পায় যে পিছলৈ উন্মত্ত লোকে এম্বুলেঞ্চ আৰু স্বাস্থ্য বিভাগৰ কর্মীৰ গাড়ীত আক্রমণৰ লক্ষ্য কৰি লৈ শিল নিক্ষেপ কৰে৷ এই ঘটনাত এম্বুলেঞ্চ আৰু আন বাহনৰ সামান্য ক্ষতি হয় যদিও ৰোগী আৰু লোককেইজন কথমপি আঘাতৰ পৰা ৰক্ষা পৰে।