নিয়মীয়া বাৰ্তা ১৮ জুনঃ লাডাখৰ এল এ চিৰ পৰিস্থিতি গুৰুতৰ বুলি উল্লেখ কৰি ভাৰতীয় সেনাৰ প্রাক্তন মুৰব্বী জেনেৰেল ভি পি মল্লিকে গালৱান উপত্যকাক লৈ চীনৰ অভিসন্ধি অতি গম্ভীৰ বুলি কয়৷ যোৱা সোমবাৰে নিশা লাডাখৰ গালৱান উপত্যকাত চীন আৰু ভাৰতীয় সেনাৰ মাজত সংঘর্ষ সন্দর্ভত ৰাষ্ট্রীয় টেলিভিছন সংবাদ মাধ্যমৰ সৈতে হোৱা কথোপকথনত প্রাক্তন সেনাপ্রধানগৰাকীয়ে কয় যে এল এ চিৰ পৰিস্থিতি ভয়াৱহ আৰু এইক্ষেত্রত চীনৰ মনোভাব ইতিবাচক নহয়৷ চীনে গালৱান উপত্যকা দখল কৰিবলৈ বিচাৰি আছে৷ এইক্ষেত্রত দেশখনৰ সেনাবাহিনী যিকোনো পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ সাজু হৈ আছিল আৰু যাৰ বাবে এই সংঘর্ষ ঘটিল৷ অৱশ্যে প্রাক্তন সেনাপ্রধানগৰাকীয়ে সেনাৰ মাজত ভুল বুজাবুজি বিশেষকৈ চীনা পক্ষৰ বাবে এনে সংঘর্ষ হৈছে বুলি তাৎপর্যপূর্ণ মন্তব্য কৰে৷