নিয়মীয়া বাৰ্তা, ১৮ জুনঃ লক ডাউন ক’ৰোনা মহামাৰীৰ একমাত্ৰ সমাধান নহয়। আমাৰ সমস্য়াটো ক’ৰবাত আছে এতিয়া লকডাউন দিয়াৰ পাছত এসপ্তাহৰ পিছত পুনৰ খুলিব লাগিব। তাৰপাছতো পুনৰ আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাব। নিউজ লাইভৰ প্ৰেক্ষাপট অনুষ্ঠানত এই মন্তব্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।
তেওঁ লগতে কয় যে আমাৰ সমস্যা ট্ৰাকসমূহৰ লগত আছে। ট্ৰাকসমূহ আহিছে, ধাবাত ৰৈছে, গুদামত বস্তুবোৰ আনলোড কৰিছে, সেই গুদামৰ পৰাই ৰিলোডিং হৈছে ৰিটেইলাৰ, হোলছেলাৰলৈ। এই শৃংখলডালৰ বাবেই সমস্য়াৰ সৃষ্টি হৈছে। মেডিকেলৰ ঔষধ আহিছে, ফাৰ্মাচীলৈ ঔষধসমূহ গৈছে আৰু সেই ফাৰ্মাচীত গৈ আমি আক্ৰান্ত ধৰা পেলাইছে।
লক ডাউন হ’লেও অত্যাবশ্যকীয় সেৱাসমূহ বন্ধ কৰিব নোৱাৰো। ইয়াৰ সমাধান লকডাউন হ’ব নোৱাৰে। বহুতৰ মাজতে এটা ধাৰণা আছে যে লক ডাউন দিলে সকলো সমস্যা সমাধান হৈ যাব। প্ৰথম অবস্থাত আমাক লক ডাউন দৰকাৰ আছিল। ৰাজ্যসমূহ যাতে ক’ৰোনাৰে যুঁজিবলৈ সাজু হৈ ল’ব পাৰে তাৰ বাবেহে লক ডাউন দিয়া হৈছিল।