চিলাপথাৰত ভাৰতী গেছ এজেঞ্চি উদ্বোধন
নিয়মীয়া বাৰ্তা, ১৮ জুনঃ বাণিজ্যিক নগৰীখ্যাত চিলাপথাৰ অঞ্চলৰ বৰ্দ্ধিত জনসংখাৰ বিপৰীতে ইন্ধন যোগানত চূড়ান্তভাবে ব্যৰ্থ হোৱা বুলি এটা গেছ এজেঞ্চিৰ বিৰুদ্ধে ৰাইজৰ মাজত সততে চৰ্চা হৈ থকাৰ সময়তে আজি নগৰৰ মাজমজিয়াত ভাৰতী গেছ এজেঞ্চি মুকলি কৰাত বহুক্ষেত্ৰত উপকৃত হ’ব বুলি ৰাইজে আশাপ্ৰকাশ কৰিছে।
চিলাপথাৰ দি এছ টায়ে কমপ্লেক্সত আজি পুৱা ৯ বজাত চিলাপথাৰৰ প্ৰতিষ্ঠিত যুৱ ব্যৱসায়ী তথা সাংবাদিক মেঘনাথ টায়েই ফিটা কাটি প্ৰিয়ংকা কুলিৰ স্বত্বাধিকাৰী ভাৰতী গেছ এজেঞ্চিটো আনুষ্ঠানিকভাবে শুভ উদ্বোধন কৰে।
উদ্বোধন কৰি টায়েই আন আন গেছৰ তুলনাত ভাৰতী গেছৰ মূল্য কম আৰু গেছৰ পৰিমাণ অধিক থকাৰ পৰিপ্ৰেক্ষিতত গ্ৰাহকৰ বাবে যথেষ্ট লাভদায়ক হব বুলি আশা প্ৰকাশ কৰি সকলোকে ভাৰতী গেছৰ গ্ৰাহক হ’বলৈ আহ্বান জনায়।
তদুপৰি চিলাপথাৰত নতুন গেছ এজেঞ্চি মুকলি কৰি ৰাইজক সুবিধা প্ৰদান কৰাৰ বাবে ভাৰতী গেছ এজেঞ্চিৰ স্বত্বাধিকাৰ প্ৰিয়ংকা কুলি আৰু তেওঁৰ পৰিয়াল বৰ্গ ধন্যবাদৰ পাত্ৰ বুলি তেখেতৰ চমু ভাষণত প্ৰকাশ কৰে।