চিলাপথাত নাভূত- নাশ্ৰুত কাণ্ডঃ ৩ মাহৰ পাছত ওলালহি মৃত্যু হোৱা যুৱক; বিনা অপৰাধত জেল হ’ল ৩ জনৰ
নিয়মীয়া বাৰ্তা, ১৮ জুনঃ কৰোনাতংকৰ মাজতে ৰহস্যকৰ কাহিনী ! হত্যাৰ অভিযোগত জেলৰ ভাত খালে ধেমাজিৰ চিলাপথাৰৰ এটা পৰিয়ালে । পিছে মৃতলোকজন সুদীৰ্ঘ তিনি মাহৰ মূৰত সোশৰীৰে উদ্ধাৰ হ’ল কোৱাৰেন্টাইন কেম্পত ৷
ৰহস্য আৰু ষড়যন্ত্ৰৰে ভৰপূৰ ক্ৰাইম থ্ৰীলাৰ যেন লগা এয়া এক বাস্তৱ ঘটনা ৷ ধেমাজিৰ চিলাপথাৰত কৰোনাতংকই যেন নিদোৰ্ষী পৰিয়ালক দিলে ন্যায় আৰু আৰক্ষী প্ৰশাসনৰ প্ৰতি বিশ্বাস ৷
যুৱকজনৰ নাম সজল দত্ত, ঘৰ চিলাপথাৰৰ পালপট্টিত ৷ যোৱা মাৰ্চ মাহত এইজন যুৱকে চিলাগাঁৱৰ বিমল বৈদ্যৰ ঘৰলৈ গৈছিল “বৌ ভাত” খাবলৈ ৷ আৰু নিশা নৱবিবাহিতা কইনাক দুৰ্ব্যৱহাৰ কৰাৰ বাবে এওঁৰ বিৰুদ্ধে চিলাপথাৰ আৰক্ষী থানাত ৰুজু হৈছিল গোচৰ ৷ আৰু ইয়াৰ পিছৰে পৰা নিৰুদ্দেশ হৈ পৰিল অভিযুক্ত সজল দত্ত ৷ আৰু বিমল বৈদ্যৰ পৰিয়ালে সজল দত্তক অপহৰণ কৰি হত্যা কৰা বুলি চিলাপথাৰ থানাত এজাহাৰ দাখিল কৰে সুজল দত্তৰ পৰিয়ালে ৷
সমান্তৰালভাবে সুজল দত্তৰ মৃতদেহ বিচাৰি অভিযানো আৰম্ভ কৰে চিলাপথাৰ আৰক্ষীয়ে ৷ সুজল দত্তৰ পৰিয়ালৰ এজাহাৰৰ ভিত্তিত হত্যাৰ অভিযোগত গ্ৰেপ্তাৰ কৰি তিনিমাহ জেল হাজোতলৈকো প্ৰেৰণ কৰে বিমল বৈদ্য আৰু পিতৃক ৷
কিন্তু শেহতীয়াকৈ বিমল বৈদ্যৰ পৰিয়ালে কিবাকৈ সম্ভেদ লাভ কৰিছিল সুজল দত্তৰ ৷ আনকি সংগ্ৰহো কৰিছিল সুজল দত্তই ব্যৱহাৰ কৰা ফোন নম্বৰ ৷ ধেমাজি আৰক্ষীয়ে ফোন নম্বৰ ট্ৰেকিং কৰি গম পাই যে সেই ফোন নম্বৰটো বৰ্তমান মহাৰাষ্ট্ৰত আৰু সেই ফোন নম্বৰটোৰ পৰা কৃষক শ্ৰমিক এক্সপ্ৰেছৰে ডিব্ৰুগড়লৈ ৰে’লৰ টিকট কটাৰো খবৰ লাভ কৰে ধেমাজি আৰক্ষীয়ে ৷
ডিব্ৰুগড় ষ্টেছন পোৱাৰ পিচৰে পৰা ধেমাজি আৰক্ষীয়ে সুজল দত্তক একপ্ৰকাৰ নজৰ বন্দী কৰি চিলাপথাৰৰ হোটেল ব্ৰক্ষ্মপুত্ৰত কোৱাৰাইন্টাইনত ৰখাৰ পিচত বুধবাৰে এসপ্তাহৰ কোৱাৰাইন্টাইন শেষ হোৱাৰ পিচত গ্ৰেপ্তাৰ কৰে সুজল দত্তক ৷
এনেদৰে দুজনকৈ নিৰ্দোষী লোকক হত্যাৰ অভিযোগত গ্ৰেপ্তাৰ কৰাৰ পিচত যাক হত্যা কৰা হৈছিল বুলি অভিযোগ উঠিছিল সেই মৃত যুৱকজন পুনৰ সোঁশৰীৰে গ্ৰেপ্তাৰ হোৱা কায্যই চাঞ্চল্যৰ সৃষ্টি কৰিছে ধেমাজিত ৷