“অগ্নি প্ৰশমিত হওক”- তামোল-পাণৰ ‘খোম’লৈ এইবাৰ বাঘজান বাসীয়ে খাতিলে অগ্নিদেৱতাক
নিয়মীয়া বাৰ্তা, ১৮ জুনঃ যোৱা ২৭ মে’ৰ পৰা বিগত ২২টা দিনে অইল ইণ্ডিয়া লিমিটেড, অ’ এন জি চি কিম্বা শ শ কৌটি টকীয়া পেকেজ আদায় দিয়াৰ চুক্তিৰে আমদানি কৰি অনা ৬ বিদেশী বিশেষজ্ঞইও ‘বাঘজান ৰিগ নং ৫’ নামৰ অভিশপ্ত গেছ কূপটোৰ ধ্বংসলীলা প্ৰতিৰোধ কৰিব পৰা নাই।
আনকি কূপটোৰ অগ্নিকাণ্ড কেতিয়া প্ৰশমিত হয় বা নহয় তাৰো নিশ্চয়তা নাই। তেনে এক পৰিস্থিতিত তামোল- পাণৰ খোম (শৰাই) আগবঢ়াই উন্মাদ আৰু ক্ৰুৰ ৰূপ ধাৰণ কৰা অগ্নিকুণ্ড শান্ত কৰিবলৈ অগ্নি দেৱতাৰ শৰণাপন্ন হৈছে গাঁওখনৰ ভকতবৃন্দ। বৈঞ্চৱ পন্থী মৰাণ সমাজৰ ভকতীয়া পৰম্পৰা আৰু লোকাচাৰ অনুসৰি যথা ৰীতিৰে খোম আগবঢ়াই অগ্নি দেৱতাক জনোৱা এই বিশেষ প্ৰাৰ্থনাৰ সাক্ষীহৈ ৰ’ল কেইবাজনো অসম আৰক্ষীৰ কৰ্তব্যৰত জোৱান। অৰ্থাৎ আৰক্ষীৰ বাধাকো নেওচি আগবাঢ়ি গৈ যথা স্থানত ‘খোলা পাতি’ সীমিতসংখ্যক উঠন-পূৰণ ভকতে ধৰ্মীৰ ৰীতিৰে অগ্নি নিৰ্বাপনত জড়িত বিশেষজ্ঞ সকলৰ পৰিশ্ৰম সাৰ্থক হোৱাৰ কামনাৰে ‘থলগিৰি’ক স্তুতি কৰে।
বিজ্ঞান আৰু প্ৰযুক্তি বিদ্যাৰ যুগতো ভাৰতীয় প্ৰযুক্তিক বিধস্ত কৰি পেলোৱা অভিশপ্ত কূপটোৰ অগ্নি নিৰ্বাপণত হাৰ মানিছে আনকি চিংগাপুৰৰ, আমেৰিকা যুক্তৰাষ্ট্ৰ কিম্বা কানাডা আদিৰ দৰে বিশ্বৰ উন্নত দেশৰ পৰা আমদানিকৃত প্ৰযুক্তিয়েও৷
এতিয়া বাঘজান বাসীৰ শেষ ভৰষা অগ্নি দেৱতা। গতিকে অগ্নি দেৱতাক স্ততিৰে শৰণাপন্নহৈ অগ্নিপিণ্ডলৈ পৰিণত হোৱা গেছ কূপটোৰ অগনি প্ৰশমিত কৰাৰ শেষ চেষ্টাত ব্ৰতী হৈছে বাঘজানৰ ভকত বৈষ্ণৱ৷