নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

‘GO CORONA GO’ নহয়, এইবাৰ ‘GO CHOWMEIN GO’

নিয়মীয়া বাৰ্তা, ১৯জুনঃ GO CORONA GOৰ পাছত এতিয়া GO CHOWMEIN GO। কেন্দ্ৰীয় মন্ত্ৰী ৰামদাস আঠৱালেৰ এটা টুইটৰ পিছত এতিয়া সৰ্বত্ৰে চৰ্চা চলিছে।

পূৱ-লাডাখত ভাৰত-চীনৰ খণ্ডযুদ্ধৰ পিছতে আক্ৰমনাত্মক হৈ পৰিছে দেশবাসী। ১৫ জুনৰ নিশা ২০জনকৈ ভাৰতীয় জোৱান চীনা সৈন্যৰ হাতত প্ৰাণ হেৰুৱাৰ পাছতে একে মুখে সকলোৱে গৰিহনা দিছে। চীনৰ অগ্ৰাসনৰ বিৰুদ্ধেও গৰজি উঠিছে দেশবাসী।

চীনা সামগ্ৰী বৰ্জনৰো হুংকাৰ দিছে। TikTok এপ, বিভিন্ন ধৰণৰ মোবাইলকে ধৰি প্ৰায় ৫০০ বিধ চীনা সামগ্ৰী বৰ্জনৰ আহ্বান জনাইছে।

এই সন্দৰ্ভত মন্ত্ৰী আঠৱালে টুইট কৰিছে যে চীনা সামগ্ৰীৰ লগতে চাইনীজ খাদ্যবস্তুৱো বৰ্জন কৰক। সকলোৰে প্ৰিয় চাওমিন, ম’ম এৰিবলৈ আহ্বান। GO CHOWMEIN GO বুলি টুইট কৰাৰ পিছতে এতিয়া চলিছে চৰ্চা। কিছুৱে যদি হাঁহিৰ খোৰাক হিচাপে গ্ৰহণ কৰিছে আন কিছুৱে আকৌ গুৰুত্বসহকাৰে লৈছে এই মন্তব্য।

 

You might also like