নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গুৱাহাটীত এজাক বৰষুণতে চাৰি স্থানত ভূমিস্খলনক লৈ আতংক

 ৩৬৬টা ভূমিস্খলনপ্রৱণ অঞ্চল চিনাক্ত কৰিয়েই দায়িত্ব সামৰিলে প্রশাসনে

নিয়মীয়া বার্তা, ২০ জুনঃ ভূমিস্খলনে ভয়াৱহ ৰূপ লৈছে গুৱাহাটী মহানগৰীত৷ হোৱা এজাক বৰষুণৰ পিছতে মহানগৰীৰ কেইবাটাও অঞ্চলত ভয়াৱহ ভূমিস্খলনৰ ঘটনা সংঘটিত হয়৷ ফটাশিল আমবাৰীৰ কৈলাসপুৰ, শান্তিপুৰ হিল ছাইড, মালিগাঁও আৰু কামাখ্যা মন্দিৰ পথত যোৱা নিশা সংঘটিত ভূমিস্খলনত বিস্তৰ ক্ষতি হয়৷

ফটাশিল আমবাৰীৰ কৈলাসপুৰত পাহাৰৰ শিল খহি মৰমী দাসৰ বাসগৃহৰ ওপৰত পৰে৷ ফলত মৰমী দাসৰ মাতৃ ৬০ বছৰীয়া বৃদ্ধা কিৰণ দাস আহত হয়৷ ভূমিস্খলনৰ পিছতে অঞ্চলটোত তীব্র আতংকময় পৰিস্থিতিৰ সৃষ্টি হয়৷ ইফালে, শান্তিপুৰ হিল ছাইডত দুটাকৈ ভূমিস্খলনৰ ঘটনা সংঘটিত হয়৷ শান্তিপুৰ হিলছাইডৰ পিএনজিবি ৰোডৰ বাসিন্দা বলেন কলিতাৰ বাসগৃহৰ গার্ড ৱাল খহি দীপেন্দ্র শালৈ নামৰ লোকজনৰ ঘৰৰ ওপৰত পৰে৷ ফলত দীপেন্দ্র শালৈৰ বাসগৃহৰ বিস্তৰ ক্ষতি হয়৷ অৱশ্যে সৌভাগ্যক্রমে কোনো লোক হতাহত নহ’ল৷ লকডাউনৰ পৰিপ্রেক্ষিতত দীপেন্দ্র শালৈৰ ভাৰাঘৰত থকা পৰিয়ালকেইটা ঘৰলৈ যোৱাত এক ভয়াৱহ বিপদৰ পৰা ৰক্ষা পৰে৷

একেদৰে পাহাৰৰ মাটি খহি শান্তিপুৰ হিল ছাইডৰ বাসিন্দা মৃদুল নাৰায়ণৰ বাসগৃহত হেঁচা মাৰি ধৰে৷ ভূমিস্খলনত মৃদুল নাৰায়ণৰ বাসগৃহৰ সামান্য পৰিমাণে ক্ষতি হয়৷ ইফালে, মালিগাঁৱত সংঘটিত ভূমিস্খলনত দুটাকৈ বাসগৃহ ক্ষতিগ্রস্ত হয়৷ জালুকবাৰী থানাৰ পিছফালে থকা পাহাৰত বসবাস কৰা সজল দে’ আৰু সুনীল আচার্য নামৰ লোক দুজনৰ বাসগৃহৰ ওপৰত গছ উভালি পৰি ক্ষতিগ্রস্ত হয়৷ পৰিহ নিশা প্রায় এঘণ্টা ধৰি হোৱা বৰষুণজাকৰ পিছতে কামাখ্যা মন্দিৰ পথটোৰ কেইবা ঠাইতো পাহাৰৰ শিল খহি পৰে৷ লক্ষণীয় যে চলিত মাহৰ প্রথম সপ্তাহত বৰাক উপত্যকাত ভূমিস্খলনত পুৰুষ, মহিলা, শিশুকে ধৰি ২১জন লোকৰ মৃত্যু হৈছিল৷

জধেমধে কৰা পাহাৰ খনন, সুপৰিকল্পিত আৰু বিজ্ঞানসন্মতভাৱে সুৰক্ষামূলক ব্যৱস্থা গ্রহণ নকৰাকৈ গৃহ নির্মাণ কৰাৰ ফলতেই সামান্য এজাক বৰষুণতে পাহাৰ অঞ্চলত ভয়াৱহ ভূমিস্খলনৰ ঘটনা সংঘটিত হৈ আহিছে৷ কামৰূপ মহানগৰ জিলা প্রশাসনে গুৱাহাটীৰ পাহাৰসমূহত জৰীপ চলাই ৩৬৬টা ভূমিস্খলনপ্রৱণ অঞ্চল চিনাক্ত কৰিছিল৷ এই অঞ্চলসমূহত প্রতিবছৰে বাৰিষাৰ সময়ছোৱাত ভূমিস্খলনৰ ঘটনা সংঘটিত হৈ আহিছে৷ কামৰূপ মহানগৰ জিলা প্রশাসন আৰু দুর্যোগ ব্যৱস্থাপনা প্রাধিকাৰীয়ে ভূমিস্খলন ৰোধৰ বাবে সজাগতামূলক কার্যসূচী গ্রহণ কৰিয়েই দায়িত্ব সামৰিছে৷

ফলত মহানগৰীত দিনক দিনে ভূমিস্খলনৰ ঘটনা বৃদ্ধি পাব ধৰিছে৷ মহানগৰীত ভূমিস্খলনত সা–সম্পত্তি হেৰুওৱাৰ লগতে কেইবাজনো লোকে প্রাণ হেৰুৱাব লগা হৈছে৷ বিগত ৭টা বর্ষত মহানগৰীৰ বিভিন্ন স্থানত সংঘটিত ভূমিস্খলনৰ ফলত ১৪জনৰো অধিক লোকে প্রাণ হেৰুৱাব লগা হোৱাৰ লগতে বহুকেইজন লোক আহত হৈছে৷ মহানগৰীত সংঘটিত ভূমিস্খলনৰ ঘটনা ৰোধ কৰাৰ বাবে জিলা প্রশাসনে কি ব্যৱস্থা গ্রহণ কৰে সেয়া লক্ষণীয় হ’ব৷

You might also like