নগাঁও জিলা সাহিত্য সভাৰ উদ্যোগত বিষ্ণু প্ৰসাদ ৰাভা দিৱস উদযাপন
নিয়মীয়া বাৰ্তা, ২০ জুন : অসমীয়া জাতি গঠন প্ৰক্ৰিয়াৰ অন্যতম খনিকৰ বিষ্ণু প্ৰসাদ ৰাভাৰ স্মৃতি দিৱস আজি নগাঁৱৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে সামাজিক ৰীতি-নীতি মানি সীমিত পৰিসৰত উদযাপন কৰে।
নগাওঁ জিলা সাহিত্য সভাৰ উদ্যোগত জিলা সাহিত্য সভাৰ কমলা দেৱী তোদী ভৱনত বিষ্ণু প্ৰসাদ ৰাভা দিৱস উদযাপন কৰা হয়। এই উপলক্ষে পুৱা পতাকা উত্তোলন আৰু ৰাভাৰ প্ৰতিচ্ছবিত মাল্য প্ৰদান কাৰ্য্যসূচী ৰূপায়ন কৰা হয়। পুৱা ১০ বজাত জিলা সাহিত্য সভাৰ সভাপতি পৰাণ কুমাৰ বৰুৱাৰ সভাপতিত্বত অনুষ্ঠিত এক সভাত বিষ্ণু প্ৰসাদ ৰাভাৰ জীৱন দৰ্শনৰ বিষয়ে আলোকপাত কৰা হয়। সভাতেই নগাওঁ জিলা সাহিত্য সভাৰ ২০১৮-২০২০ বৰ্ষৰ সাহিত্যিক বেণু লস্কৰ ঠাকুৰীয়াই সম্পাদনা কৰা পত্ৰিকা উন্মোচন কৰে অসম সাহিত্য সভাৰ নগাওঁ আঞ্চলিক কাৰ্য্যালয়ৰ সম্পাদক মৃণাল কুমাৰ হাজৰিকা আৰু জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি নিত্যানন্দ বৰাই।
আলোক ৰাম ভট্টাচাৰ্যৰ নাট্য গ্ৰন্থ ‘নেগেৰা’ উন্মোচন কৰে নগাওঁ প্ৰেছ ক্লাৱৰ সভাপতি কনক হাজৰিকাই। সভাত অসম সাহিত্যসভাৰ প্ৰাক্তন সম্পাদক পদুম ৰাজখোৱা, জিলা সাহিত্য সভাৰ উপসভাপতি ঠগিদ মহন্ত, প্ৰাক্তন সভাপতি ৰতি মোহন নাথ, প্ৰাক্তন সম্পাদক শৰৎ শইকীয়া, উপেন বৰা আদিয়ে অংশগ্ৰহণ কৰে। অনুষ্ঠানৰ আঁত ধৰে জিলা সম্পাদক ৰেৱত হাজৰিকাই। ইপিনে মৰিকলং আঞ্চলিক শাখা সাহিত্য সভা, শিল্পকানন অসম, অগপৰ নগাওঁ জিলা সমিটি, গণ নাট্য সংঘকে ধৰি জিলাখনৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে বিষ্ণু প্ৰসাদ ৰাভাৰ স্মৃতি দিৱস উদযাপন কৰে।