কামৰূপ আৰক্ষীৰ অভিযানঃ হত্যাকাৰী আনছেৰ আলী ওৰফে বগাক গড়চুকত আটক
নিয়মীয়া বাৰ্তা, ২১ জুনঃ কামৰূপ আৰক্ষীৰ জালত ছয়গাঁৱৰ আমবাৰীৰ হত্যাকাণ্ডৰ লগত জড়িত এজন লোক ৷ লোকজন হ’ল ছয়গাঁৱৰ শালমাৰাৰ আনছেৰ আলী ওৰফে বগা ৷ কালি কামৰূপৰ উপ আৰক্ষী অধীক্ষক কল্যাণ পাঠকৰ নেতৃত্বত আৰক্ষীৰ দল এটাই চলোৱা এক অভিযানত গুৱাহাটীৰ গড়চুকৰ পৰা গ্ৰেপ্তাৰ কৰে আনছেৰ আলী ওৰফে বগাক ৷
নিশা কামৰূপ আৰক্ষীয়ে হত্যাকাৰীজনক ছয়গাঁও আৰক্ষীক চমজাই দিয়ে ৷
উল্লেখ্য যে ২০১৯ চনৰ জানুৱাৰী মাহত ছয়গাঁৱৰ আমবাৰীত এক লোমহৰ্ষক হত্যাকাণ্ড সংঘটিত হৈছিল ৷ গাঁওখনৰ একেটি পৰিয়ালৰে আচুৰুদ্দিন আলী নামৰ লোকজনৰ লগতে তেওঁৰ পত্নী ইয়াতুন নেছা আৰু পাঁচ বছৰীয়া শিশু পুত্ৰ কুৰবান আলীক নৃশংসভাৱে হত্যা কৰিছিল এটি দুৰ্বৃত্তৰ দলে ৷ এই ঘটনাত ছয়গাঁও আৰক্ষীয়ে কেইবাজনো লোকক গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰণ কৰিছিল ৷ উক্ত হত্যাকাণ্ডৰ ঘটনাত আনছেৰ আলী ওৰফে বগা নামৰ লোকজনো জড়িত আছিল ৷ কিন্ত বিগত প্ৰায় ডেৰ বছৰে এইজন হত্যাকাৰী আৰক্ষীৰ চকুত ধুলি দি পলাই আছিল ৷
ছয়গাঁও থানাত ৰুজু হোৱা ৯৭/২০১৯ নম্বৰৰ এক গোচৰৰ ভিত্তিত আৰক্ষীয়ে হত্যাকাৰীজনৰ সন্ধানত সন্ধান অব্যাহত আছিল ৷ অৱশেষত কালি কামৰূপ আৰক্ষীয়ে হত্যাকাৰী আনছেৰ আলীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ৷