মার্ঘেৰিটাত কয়লা ছিণ্ডিকেটৰ আঁৰত আৰক্ষী বিষয়া
নিয়মীয়া বাৰ্তা, ২১ জুনঃ সাংসদ প্রদ্যুৎ বৰদলৈৰ মুকলি ঘোষণাৰ পিছতে কংগ্রেছ নেতাই কয়লা ছিণ্ডিকেটৰ নেতৃত্ব প্রদান কৰি অহা মার্ঘেৰিটা থানাৰ অ’চিৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা ঘটনাই ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ অসম প্রদেশ কংগ্রেছৰ উজনি অসমৰ মুখপাত্র মনোৰঞ্জন বৰগোহাঁয়ে আজি মার্ঘেৰিটা থানাৰ ভাৰপ্রাপ্ত বিষয়া মুনীন্দ্রনাথ চমুৱা আৰু তেওঁৰ পুত্র প্রিঞ্চ চমুৱাৰ নেতৃত্বত ব্যাপক হাৰত কয়লাৰ চোৰাং ব্যৱসায় চলি থকাৰ এহাজাৰ দাখিল কৰে৷
মার্ঘেৰিটাত চলি থকা অবৈধ কয়লা ছিণ্ডিকেটত জড়িত থকাৰ লগতে অবৈধ ৰেট হ’ল মাইনিঙত শ্রমিকৰ মৃত্যুৰ বাতৰি গাপ দিয়াৰ অভিযোগ তুলি এজাহাৰ দাখিল কৰে৷ এজাহাৰত উল্লেখ কৰা মতে, আৰক্ষী বিষয়াগৰাকীয়ে নিজৰ ক্ষমতাৰ অপপ্রয়োগেৰে মহকুমাটোৰ বন্যপ্রাণী সংৰক্ষিত এলেকা, বনাঞ্চল, আৰু দিহিং পাটকাই হস্তী সংৰক্ষিত বনাঞ্চলত বিভিন্ন মানুহৰ যোগেদি অবৈধ কয়লা খনি চলাই আহিছে আৰু ভুৱা চালানৰ জৰিয়তে দৈনিক শ শ ট্ৰাক কয়লা পঠিয়াই আহিছে৷
আৰক্ষী বিষয়াগৰাকীয়ে এই কামৰ যোগেদি বন্যপ্রাণী সংৰক্ষণ আইন আৰু বন সংৰক্ষণ আইন ভংগ কৰিছে৷ লগতে যোৱা ১৯ মাহৰ ভিতৰত আৰক্ষী চমুৱাৰ পৃষ্ঠপোষকতাত চলি থকা বিভিন্ন ৰেট হ’ল মাইনিঙত কয়লা খান্দিবলৈ সোমোৱা প্রায় ১৭গৰাকী শ্রমিকৰ মৃত্যুৰ তথ্য নোহোৱা কৰিছে৷ আনকি এই বিষয়ে কোনোবাই এজাহাৰ দিবলৈ আহিলেও এজাহাৰ ল’বলৈ অস্বীকাৰ কৰা আৰু চৰকাৰী তদন্ত যাতে নহয়, তাৰ বাবে সকলো ব্যৱস্থা কৰি দি মানৱ অধিকাৰ আইন উলংঘা কৰিছে৷ আৰক্ষী বিষয়া আৰু তেওঁৰ পুত্র প্রিঞ্চ চমুৱাই অবৈধ কয়লা ছিণ্ডিকেট চলাই প্রচুৰ ধন–সম্পত্তি আহৰণ কৰিছে৷
গুৱাহাটীৰ লগতে ধেমাজিৰ বিভিন্ন স্থানত পৰিয়াল আৰু আন সদস্যৰ নামে–বেনামে অজস্র সম্পত্তি গঢ়ি তুলিছে৷ চমুৱা আৰু তেওঁৰ পুত্রৰ বিৰুদ্ধে তদন্ত হ’লে আদালতত অডি’–ভিডি’ আৰু চাক্ষুষ প্রমাণ যথা সময়ত দিবলৈও সাজু আছে বুলি এজাহাৰত উল্লেখ কৰিছে৷ তেওঁ লগতে উল্লেখ কৰিছে যে এই অবৈধ কয়লা আৰু বনাঞ্চল ধ্বংসকাৰী ছিণ্ডিকেট চক্রটোৰ বিষয়ে কোনোবাই সৰৱ হৈ উঠিলে এইগৰাকী আৰক্ষী বিষয়াই ডাবি–ধমকি দিয়াৰ লগতে মনেসজা গোচৰ তৰি গ্রেপ্তাৰ কৰাৰ ভাবুকিৰে আইন আৰু আৰক্ষীৰ মর্যাদা ভূ–লুণ্ঠিত কৰিছে৷ এজাহাৰত তেওঁৰ দৰে লুণ্ঠনকাৰী বিষয়াৰ বিৰুদ্ধে উচিত তদন্ত কৰি আইনী ব্যৱস্থা গ্রহণ কৰিবলৈ দাবী জনাইছে৷
মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালৰ দায়িত্বত থকা গৃহ বিভাগৰ স্বয়ং মার্ঘেৰিটা থানাৰ অ’চিৰ বিৰুদ্ধে এনে গুৰুতৰ অভিযোগ উত্থাপিত হৈ অহাৰ পিছতো শূন্য সহনশীলতাৰ শ্লোগান দিয়া চৰকাৰখনৰ উঠিৰজা–বহিৰজা হোৱা মুনীন্দ্রনাথ চমুৱাৰ ওচৰত এক প্রকাৰ পৰাজয় বুলি ৰাইজৰ মাজত চর্চিত হৈছে৷ ইফালে, এজাহাৰকাৰী মনোৰঞ্জন বৰগোহাঁয়ে জনোৱা মতে মার্ঘেৰিটা থানাত উচ্চপদস্থ আৰক্ষী বিষয়া নথকাৰ বাবে এজাহাৰ দাখিলৰ পিছতো আজি বিয়লিলৈকে গোচৰ ৰুজু হোৱা নাই৷