নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

“চীনক অৰ্থনৈতিক ভাৱে আক্ৰমণ কৰিব লাগে”- অৱসৰপ্ৰাপ্ত কেপ্তেইন ফাইটাৰ মহন্ত পাংগিং

নিয়মীয়া বাৰ্তা, ২১ জুনঃ ‘চীনত নিৰ্মিত সকলো সামগ্ৰী বৰ্জন কৰিব লাগে ৷ চীনা সামগ্ৰী বৰ্জন কৰিলে কোঙা হৈ পৰিব চীনৰ অৰ্থনীতি ।’- এই মন্তব্য বায়ু সেনাৰ অৱসৰপ্ৰাপ্ত গ্ৰুপ কেপ্তেইন ফাইটাৰ মহন্ত পাংগিঙৰ ৷

বায়ু সেনাৰ অৱসৰপ্ৰাপ্ত বিষয়াগৰাকীয়ে বৰ্তমান পৰিস্থিতি চীনা সামগ্ৰী ক্ৰয় কৰা বন্ধ কৰাটো প্ৰতিজন ভাৰতীয়ৰ দায়িত্ব বুলি উল্লেখ কৰে ৷ লগতে কেপ্তেইন ফাইটাৰ মহন্ত পাংগিঙে কয় গোলা বাৰুদৰ পৰিবৰ্তে চীনক আক্ৰমণ কৰিব লাগে অৰ্থনৈতিকভাৱে ৷ তেঁও চীনৰ লগতে ভাৰতেও বৰ্তমান বিশ্বৰ চুপাৰ পাৱাৰ হোৱাৰ দিশে আগবঢ়াত মেকমোহন লাইনক আন্তৰাষ্ট্ৰীয় সীমালৈ পৰিৱৰ্তন কৰাটো দুয়োখন দেশৰ বাবে অত্যন্ত প্ৰয়োজনীয় বুলি উল্লেখ কৰে ৷

কেপ্তেইন ফাইটাৰ মহন্ত পাংগিঙে লগতে কয় যে, ভাৰত চীনৰ যুদ্ধ হ’লে দুয়োখন দেশেই ক্ষতিগ্ৰস্ত হ’ব । গোলা-বাৰুদৰ পৰিবৰ্তে চীনক আক্ৰমণ কৰিব লাগে অৰ্থনৈতিকভাৱে ‌।

You might also like