ভূমিকম্পই জোকাৰিলে অসম, প্ৰাবল্য ৫.১
নিয়মীয়া বাৰ্তা, ২১ জুনঃ আজি সন্ধিয়া ৪.১৬ বজাত ভূমিকম্পই মৃদুভাৱে জোকাৰি যায় অসমকে ধৰি মেঘালয়, মণিপুৰ, মিজোৰামক। ৰেখটাৰ স্কেলত ইয়াৰ প্ৰাবল্য আছিল ৫.১ ।
নেচনেল চেণ্টাৰ ফৰ ছিছমোলজীৰ তথ্য মতে, ভূমিকম্পৰ উৎপত্তিস্থল আছিল মিজোৰামৰ আইজলৰ ডাৰলনৰ ভূগৰ্ভৰ ৩৫ কিলোমিটাৰ গভীৰত । ভূমিকম্পৰ ফলত কোনো ক্ষয়-ক্ষতি হোৱাৰ বাতৰি পোৱা হোৱা নাই।